নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতলৈ চীনে প্ৰেৰণ কৰিলে ৬.৫ লাখ ক’ভিড-১৯ কিট

নিয়মীয়া বাৰ্তা,১৭ এপ্ৰিলঃ ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ অধিক তীব্ৰতৰ ৰকিবলৈ তথা ভাৰতত এই মহামাৰীত আক্ৰান্ত লোকক চিনাক্ত কৰিবৰ বাবে সহায় হিচাপে চীনে ভাৰতলৈ ৬.৫ লাখ ক’ভিড-১৯ কিট প্ৰেৰণ কৰিছে । চীনত থকা ভাৰতৰ ৰাষ্ট্ৰদূতে এই কথা প্ৰকাশ কৰিছে । অহা ১৫ দিনৰ ভিতৰত চুবুৰীয়া দেশখনে ভাৰতলৈ প্ৰায় ২০ লাখ কিট প্ৰেৰণ কৰিব । এই কিটসমূহৰ ভিতৰত আছে ৰেপিড এণ্টিব’ডী টেষ্ট কিট– তেজ পৰীক্ষণেৰে এই কিটৰ জৰিয়তে ন’ভেল ক’ৰোনা ভাইৰাছৰ দ্রুত আৰু সঠিক চিনাক্তকৰণ কৰা সম্ভৱ৷ ‘ৰেপিড এণ্টিব’ডী টেষ্ট আৰু আৰএনএ এক্সট্রেকচন কিটকে ধৰি ৬ লাখ ৫০ হাজাৰ কিট আজি পুৱা গুৱাংঝো বিমানবন্দৰৰ পৰা ভাৰত পালেহি ৷’ চীনত থকা ভাৰতৰ ৰাষ্ট্রদূত বিক্রম মিশ্রিয়ে টুইটযোগে বৃহস্পতিবাৰে এই কথা সদৰী কৰে৷ ভাৰতত দ্রুতগতিত ক’ভিড–১৯ কেছ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি এই টেষ্টিং কিট আৰু পিপিইকে ধৰি চিকিৎসা সামগ্রীসমূহে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত ভাৰতক সহায় কৰিব৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রকে ধৰি পৃথিৱীৰ বিভিন্ন দেশলৈ চিকিৎসা সামগ্রী, বিশেষকৈ পিপিই কিট আৰু ভেণ্টিলেটর্ছ চীনে ৰপ্তানি কৰে ৷

You might also like