নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০খন দেশলৈ ভাৰতে যোগান ধৰিব হাইড্র’ক্সিক্ল’ৰোকুইন

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ  ক’ভিড–১৯ মহামাৰীৰ সৈতে যুঁজি থকা বিশ্বৰ ৫০খন দেশলৈ ভাৰতে চিকিৎসাৰ বাবে প্রয়োজনীয় হাইড্র’ক্সিক্ল’ৰোকুইন টেবলেট প্রেৰণ কৰিব ৷ ভাৰতে ইতিমধ্যে বিভিন্ন দেশৰ পৰা এই ঔষধ ৰপ্তানিৰ বাবে অনুৰোধ লাভ কৰিছে৷ ইতিমধ্যে ভাৰতে আমেৰিকা, ব্রাজিল, স্পেইনকে ধৰি বহুকেইখন দেশলৈ হাইড্র’ক্সিক্ল’ৰোকুইন ৰপ্তানি কৰিছে আৰু মুঠ ৫০খন দেশলৈ এই ঔষধ প্রেৰণ কৰিব৷ দেশসমূহৰ ভিতৰত অন্যতম আনকেইখনমান দেশ হ’ল– আফগানিস্তান, ভূটান, বাংলাদেশ, নেপাল, মালদ্বীপ, শ্রীলংকা, ম্যানমাৰ, জাম্বিয়া, মাদাগাস্কাৰ, উগাণ্ডা, মালি, নিগাৰ, ইজিপ্ত, ফ্রান্স, দক্ষিণ আফ্রিকা, কলম্বিয়া, ইউএই, উৰুগুৱে, আলজেৰিয়া, ব্রিটেইন ৷

You might also like