নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিআৰপিৰ শীৰ্ষত ৰামায়ণ

নিয়মীয়া বাৰ্তা ১৭ এপ্ৰিলঃ সমগ্ৰ দেশতেই লকডাউন । যাৰ বাবে বৰ্তমান ক্ষতি গ্ৰস্থ হৈছে দেশৰ
মনোৰাঞ্জন উদ্যোগ। লকডাউনৰ বাবে নতুনকৈ ধাৰাবাহিকৰ শ্বুটিং কৰিব পৰা নাই। যাৰ বাবে
দূৰদৰ্শনত ৰামায়ণ আৰু মহাভাৰত পুনৰ সম্প্ৰচাৰ কৰা হৈছে। নব্বৈ দশৰ ধাৰাবাহিক সমূহে এতিয়া টিআৰপিৰ শীৰ্ষত আছে। ৰামায়ণ ধাৰাবাহিকে পুনৰ সম্প্ৰচাৰ হোৱাৰ পিছত ১৫.৫ পইণ্ট অৰ্জন কৰিছে। এই পইণ্টেৰে ৰামায়ণ ধাৰাবাহিক খন টিআৰপি ত শীৰ্ষত আছে। আনহাতে মহাভাৰতে ৪.৭ পইণ্টেৰে টিআৰপিৰ দ্বিতীয় স্থানত আছে। উল্লেখ্য যে নব্বৈ দশৰ এই দুই খন মহাকাব্যিক ধাৰাবাহিকে দশকৰ মাজত বিপুল সমাদৰ লাভ কৰিছে।

You might also like