ক’ৰোনাৰ প্রতিৰোধী যুঁজত অধিক সফল হ’ব এছিয়াঃ আইএমএফ
নিয়মীয়া বাৰ্তা, ১৭ এপ্রিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছে বিশ্ব অর্থনীতিলৈ বিপর্যয় নমাই আনিছে যদিও ভাইৰাছবিধৰ প্রতিৰোধৰ ক্ষেত্রত পৃথিৱীৰ অন্য অঞ্চলৰ তুলনাত এছিয়াৰ দেশসমূহে সফলভাৱে যুঁজ দিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ আন্তর্জাতিক মুদ্রানিধি (আইএমএফ)ৰ এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে থকা বিভাগৰ সঞ্চালক চাং য়ং ৰীয়ে পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য আগবঢ়াইছে ৷ ৰীৰ মতে মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণত প্রতিৰোধৰ ক্ষেত্রত এছিয়াৰ দেশসমূহে যি হাৰত যুঁজ দিছে ইয়াৰ দ্বাৰা এছিয়াৰ দেশসমূহ শীঘ্রে ভাইৰাছবিধৰ পৰা পৰিত্রাণ পোৱাটো নিশ্চিত হ’ব৷ প্রতিৰোধী ব্যৱস্থা কার্যকৰী নহ’লে এছিয়াৰ পৰিস্থিতি অৱশ্যে অধিক ভয়াৱহ হ’ব বুলি সতর্কবাণী কৰিছে ৰীয়ে৷ লক্ষণীয়ভাৱে এই সময়ছোৱাত বিশ্বৰ অন্য অঞ্চলতকৈ এছিয়াত আর্থিক বৃদ্ধিৰ হাৰ বেছি বুলি উল্লেখ কৰিছে সঞ্চালক ৰীয়ে৷ ২০২০ চনটো বিশ্বৰ অন্যান্য অঞ্চলৰ লগতে এছিয়াৰ বাবেও প্রত্যাহ্বানৰ বুলি উল্লেখ কৰি বছৰটোৰ শেষলৈ বৃদ্ধিৰ হাৰ শূন্য হ’ব বুলি ঘোষণা কৰিছে নেত্রীগৰাকীয়ে৷ স্মর্তব্য যে বিগত ৬০ বছৰত এছিয়া এনে সংকটৰ সন্মুখীন হোৱা নাছিল ৷