নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৮২ ৰহিংগ্যাক উদ্ধাৰ বাংলাদেশৰ বাহিনীৰ

নিয়মীয়া বাৰ্তা, ১৭ এপ্রিলঃ বাংলাদেশৰ উপকূলৰক্ষীয়ে মাজসাগৰত দুমাহ ধৰি অনাহাৰে থকা ৩৮২গৰাকী ৰহিংগ্যা শৰণার্থীক উদ্ধাৰ কৰিছে ৷ এখন নাৱত বিপদসংকুল পৰিস্থিতিত দীর্ঘদিন ধৰি আবদ্ধ হৈ আছিল ম্যানমাৰৰ পৰা পলায়ন কৰা এই ৰহিংগ্যা শৰণার্থীসকল ৷ উল্লেখনীয় যে নাওখনৰ পৰা দুই ডজনতকৈ অধিক ৰহিংগ্যা শৰণার্থীৰ মৃতদেহো উদ্ধাৰ কৰিছে উপকূলৰক্ষীয়ে৷ এই শৰণার্থীসকলে নাৱেৰে মালয়েছিয়াত উপস্থিত হোৱাৰ প্রচেষ্টা চলাইছিল৷ ইফালে একাংশ সংবাদ মাধ্যমে সদৰী কৰিছে যে ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবেই মালয়েছিয়াই নাওখন ওভতাই পঠাইছিল ৷ মালয়েছিয়াত আশ্রয় লাভৰ ক্ষেত্রত ব্যর্থ হোৱা শৰণার্থীসকলে মাজ সাগৰতে নাওখনৰ ওপৰত অতিবাহিত কৰিবলগীয়া হয় ৷ স্মর্তব্য যে বাংলাদেশত ম্যানমাৰৰ পৰা পলায়ন কৰা ৭ লক্ষাধিক ৰহিংগ্যাই আশ্রয় লৈ আছে ৷

You might also like