নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড-১৯ অষ্ট্ৰেলিয়া আৰু আমাৰ দেশ

  • ডাঃ পংকজ ডেকা

সমগ্ৰ বিশ্বৰ লগতে অষ্ট্ৰেলিয়াও আজি ক’ভিড-১৯ মহমাৰী ৰোগত কম্পমান । এই ৰোগৰ ফলত দেশৰ সামাজিক তথা অৰ্থনৈতিক দিশত বাৰুকৈয়ে প্ৰভাৱ পৰিছে । ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে নিউ ছাউথ ৱেলছ, ভিক্টোৰিয়া আৰু কুইন্সলেণ্ডত দেখা দিয়া এই ৰোগত আক্রান্ত ব্যক্তি ক্রমাৎ আন ৰাজ্যসমূহতো চিনাক্ত হ’ল৷ মার্চ মাহৰ ১৫ তাৰিখমানলৈকে দৈনিক এই ৰোগত সংক্রমিত ব্যক্তিৰ সংখ্যা তেনেই কম আছিল৷ ৰোগৰ প্রভাৱ ক্রমাৎ বৃদ্ধি পোৱাত অষ্ট্রেলিয়া চৰকাৰে বিদেশত থকা অষ্ট্রেলিয়াৰ নাগৰিকসকলক দেশলৈ ঘূৰি অহাৰ জাননী প্রেৰণ কৰাৰ লগে লগে ৰোগ সংক্রমিত ব্যক্তিৰ সংখ্যা লাহে লাহে বঢ়িবলৈ ধৰিলে৷ মার্চ মাহৰ শেষৰ সপ্তাহত দৈনিক পাঁচ শতাধিক ব্যক্তি নতুনকৈ এই ৰোগত সংক্রমিত হোৱাৰ তথ্য প্রকাশ হ’বলৈ ল’লে৷ মই থকা ৱেষ্টার্ন অষ্ট্রেলিয়াত লাহে লাহে ৰোগীৰ সংখ্যা বৃদ্ধি হ’ব ধৰাত সামাজিক দূৰত্বৰ নীতি–নির্দেশনা আন ৰাজ্যৰ দৰে এই ৰাজ্যতো চৰকাৰে জাৰি কৰিলে৷ স্কুল, কলেজ বা মানুহ জমা হোৱা আন অনুষ্ঠানবোৰতো বন্ধৰ নির্দেশনা প্রচাৰ কৰিলে৷ বিশ হাজাৰতকৈও অধিক ছাত্র–ছাত্রীৰে গিজগিজাই থকা মর্ডক ইউনিভার্ছিটীৰ পৰিৱেশ নিমাওমাও হ’ল৷ হঠাৎ দোকানসমূহত অত্যাৱশ্যকীয় সামগ্রীসমূহৰ অভাৱ পৰিলক্ষিত হৈছিল৷ সামাজিক দূৰত্বৰ নীতি–নির্দেশনা জাৰি কৰাৰ লগে লগে দোকানত প্রথম দিনা যথেষ্ট মানুহৰ ভিৰ পৰিলক্ষিত হৈছিল৷ দুই–এদিনতে মানুহৰ সমাগম একেবাৰে নাইকিয়া হ’ল, বজাৰলৈ গ’লে কাকো দেখা নোপোৱা হ’লোঁ৷ চৰকাৰে সম্পূর্ণ লকডাউন ঘোষণা নকৰাকৈ সামাজিক দূৰত্বৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰিলে৷ প্রত্যেকেই অত্যাৱশ্যকীয় কামৰ বাহিৰে ঘৰৰ পৰা নোলোৱা হ’ল৷ চৰকাৰে দিয়া নির্দেশনা অনুযায়ী চাকৰিয়ালসকলে ঘৰৰ পৰা কৰিব পৰা কাম ঘৰত থাকিয়েই কৰিব ল’লে৷ শ্রমিকসকলে সামাজিক দূৰত্ব বজাই ৰাখি নিজৰ কাম কৰিবলৈ ল’লে৷ অনলাইন ক্লাছ, অনলাইন পৰীক্ষা পদ্ধতি আৰম্ভ হ’ল৷ মই গৱেষণা কৰি থকা লেবৰেটৰীত যোৱা সপ্তাহলৈ সামাজিক দূৰত্বৰ নীতি–নির্দেশনা অনুযায়ী কাম চলি থাকিল৷ বর্তমানেও বিশ্ববিদ্যালয়খনত পুথিভঁৰাল খোলা আছে৷ মাথোঁ সামাজিক দূৰত্ব বজাই ৰাখি কমসংখ্যক ব্যক্তিক একে সময়ত প্রৱেশ কৰিবলৈ দিয়ে, প্রত্যেকে চৰকাৰী নির্দেশনা অনুযায়ী অতি কমেও ১.৫ মিটাৰ দূৰত্বত থাকি নিজৰ নিজৰ পঢ়া–শুনা কৰি আছে৷ আজি অষ্ট্রেলিয়াত এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ কোনো ব্যক্তি যাব নোৱাৰে৷ কিন্তু ৰাজ্যখনৰ মাজত বিশেষকৈ মই থকা ৱেষ্টার্ন অষ্ট্রেলিয়াত আজিপর্যন্ত যান–বাহন চলাচল স্বাভাৱিকভাৱে হৈ আছে৷ মাথোঁ যান–বাহনতো সামাজিক দূৰত্বৰ নির্দেশনা বজাই ৰাখি নির্দিষ্ট দূৰত্বত যাত্রীসকলে আখন গ্রহণ কৰিছে৷ সুখবৰ এই যে বিগত ২৯ মার্চৰ পৰা অষ্ট্রেলিয়াত নতুন সংক্রমিত ব্যক্তিৰ সংখ্যা যথেষ্টভাৱে হ্রাস পাব লৈছে৷ ইয়াৰ কাৰণ মাথোঁ এটাই, মানুহৰ সচেতনতা৷ সম্পূর্ণ লকডাউনৰ পৰিৱর্তে সামাজিক দূৰত্বৰ দৰে নীতি–নির্দেশনা আমি যদি পালন কৰোঁ, তেতিয়াও আমি নিজকে এই ৰোগৰ পৰা ৰক্ষা কৰিব পাৰোঁ৷ বর্তমান সময়ত অষ্ট্রেলিয়া ইয়াৰ নিদর্শন৷ এই দেশত মানুহৰ কর্মস্পৃহা মন কৰিবলগীয়া৷ প্রত্যেকে অনলাইন ব্যৱস্থাৰে নিজৰ দায়িত্ব পালন কৰি আছে, ঘৰৰ পৰা কৰিব নোৱাৰা কামৰ ক্ষেত্রত অনুমতি সাপেক্ষে অফিচলৈকো গৈছে৷ আনকি এই সময়ত মোৰ গাইডজনেও মোক সময় দি তেখেতো পুথিভঁৰাললৈ আহি নিজৰ দায়িত্ব পালন কৰাৰ লগতে মোক এই অকলশৰীয়া সময়ত সঁহাৰি দিছে৷ যা নহওক, মানুহৰ সচেতনতা, ৰোগৰ ভয়াৱহতাৰ ওপৰত ৰাইজৰ গুৰুত্ব প্রদান, ৰোগ কেনেদৰে সংক্রমিত হ’ব পাৰে, তাৰ ওপৰত প্রত্যেকৰে জ্ঞান আৰু চৰকাৰে নির্দেশ দিয়া ধৰণে সামাজিক দূৰত্ব বজাই ৰখাটো বর্তমান সময়ৰ অষ্ট্রেলিয়াৰ দৰে দেশ এখনৰ কৃতকার্যতাৰ ব্রহ্মাস্ত্র বুলি মই ভাবিবলৈ বাধ্য হৈছোঁ৷ ইয়াৰ লগতে এই দেশৰ ভৌগোলিক অৱস্থিতি আৰু মাটিকালি অনুপাতে কম জনসংখ্যা হোৱাটোও এক গুৰুত্বপূর্ণ কাৰক হিচাপে নিশ্চয় বিবেচিত হ’ব৷ আমাৰ দেশৰ ভৌগোলিক অৱস্থিতি তথা জনসংখ্যাৰ বিস্ফোৰণ এই ৰোগ প্রতিকাৰৰ আজি এক ডাঙৰ হেঙাৰ হৈ পৰিছে৷ যাৰ বাবে চৰকাৰে সম্পূর্ণ লকডাউন ব্যৱস্থা কৰিবলৈ বাধ্য হৈছে৷ আজিপর্যন্ত এই ব্যৱস্থাৰ বাবে আমাৰ দেশত প্রশাসনযন্ত্রৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে৷ কিন্তু এনেদৰে আৰু কিমান দিন? দেশৰ অর্থনৈতিক দিশ আৰু শ্রমিকসকলৰ কথা ভাবিলে এই লকডাউন ব্যৱস্থা ৰোগ প্রতিকাৰৰ ক্ষেত্রত আমাৰ বাবে সঠিক পন্থা হৈ নাথাকিব৷ বর্তমান সময়ত আমি প্রত্যেকেই সচেতন হৈ নিয়মৰ মাজত থাকি লকডাউন ব্যৱস্থা পর্যায়ক্রমে নাইকিয়া কৰিব নোৱাৰিলে দেশৰ অর্থনৈতিক ব্যৱস্থা আৰু শ্রমজীৱী সমাজ অধিক বিপদৰ সন্মুখীন হোৱাটো ধুৰুপ৷ ভাল কথা, আজি সমাজসেৱক, চাকৰিয়ালসকলে নিজ নিজ অঞ্চলৰ আর্তসকলক সহায়ৰ হাত আগবঢ়াইছে৷ কিন্তু লাহে লাহে লকডাউন দীঘলীয়া হ’লে প্রত্যেকজন ব্যক্তিয়ে এই ব্যৱস্থাৰ নেতিবাচক প্রভাৱৰ সন্মুখীন হ’ব৷ বর্তমান সময়ত সচেতনতাৰে সঠিক পথত সঠিক খোজ দিয়াটো আমাৰ দায়িত্ব৷ ৰোগ সংক্রমণৰ শিকলি যাতে নহয়, তাৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত৷ আমাৰ ৰাজ্য অসম আজিপর্যন্ত এইক্ষেত্রত যথেষ্ট সুবিধাজনক স্থিতিত আছে৷ আমিওDISEASE FREE ZONE নির্বাচনৰ জৰিয়তে সামাজিক দূৰত্বৰ নীতি–নির্দেশনাৰে সজাগ আৰু সাৱধানতা অৱলম্বন কৰি এই ৰোগৰ বিৰুদ্ধে যুঁজ কৰাৰ সময় সমাগত ৷

You might also like