নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপালত আক্ৰান্ত ভাৰতত তবলিগী জামাতত অংশগ্ৰহণকাৰী ১২ সদস্য

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ বিশ্বব্যাপী মহামাৰী ক’ভিড-১৯ ৰ সংহাৰ অব্যাহত আছে । ভাৰতত প্ৰাণঘাতী ক’ভিড-১৯ ৰ সংক্ৰমণত মূল অৰিহণা যোগোৱা নতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ সদস্যই নেপালতো আতংক সৃষ্টি কৰিছে । নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি যোৱা ১২ জন ভাৰতীয় লোকে নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ মছজিদত হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিছে৷ মছজিদত আত্মগোপন কৰি থকা ১২জন লোকৰ দেহত ক’ভিড–১৯ পজিটিভ নিশ্চিত হোৱাত দেশখনৰ নাগৰিকসকলৰ মাজত শংকা বিয়পি পৰিছে৷ তথ্য মতে, নিজামুদ্দিন মার্কাজত আৰক্ষীয়ে অভিযান চলোৱাৰ পাছতে উল্লিখিত ১২জন লোকে নেপাললৈ গৈ কাঠমাণ্ডুৰ সমীপৰ উদয়পুৰৰ মছজিদত আত্মগোপন কৰি আছে৷ একেলগে ১২জন লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ লগে লগে দেশখনত ইমানসংখ্যক লোক প্রথমবাৰৰ বাবে মহামাৰী ভাইৰাছটোত আক্রান্ত হৈছে৷ লক্ষণীয় যে নেপালত এই ১২জনসহ মুঠ ৩০জন লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰে ১৯জনে তবলিগী জামাতৰ কার্যসূচীত অংশ লোৱা লোক৷ উক্ত মছজিদটোৰ চৌহদতো কোৱাৰেণ্টাইন কেন্দ্র স্থাপন কৰি উল্লিখিত লোককেইজনৰ সৈতে সম্পর্কলৈ অহা কেইবাডজন লোকক কোৱাৰেণ্টাইন কৰা হৈছে৷ ইপিনে, পাকিস্তানতো তবলিগী জামাতৰ ফৈজালাবাদৰ মুৰব্বীজনৰ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হৈছে৷ দেশখনৰ পঞ্জাব প্রদেশৰ ফৈজালাবাদৰ মুৰব্বী ৬৯ বছৰীয়া মৌলানা ছুহেব ৰুমীৰ ক’ভিড–১৯ত মৃত্যু হোৱাৰ সমান্তৰালকৈ ১ হাজাৰতকৈও অধিক লোক আক্রান্ত হৈছে৷ ইয়াৰে আটাইবোৰেই তবলিগী জামাতৰ সৈতে জড়িত৷ ভাইৰাছটোৰ প্রাদুর্ভাৱ ঘটা চীনে ক’ভিড–১৯ক নিয়ন্ত্রণলৈ আনিছিল যদিও বিগত তিনি দিন ধৰি দেশখনত পুনৰ আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ তেনেদৰে মৃত্যুও হৈছে ৷ বিশ্বৰ ২১০খন দেশলৈ সম্প্রসাৰিত মহামাৰী ক’ভিড–১৯ৰ ফলত বিশ্বৰ সর্বশক্তিমান আমেৰিকা যুক্তৰাষ্ট্র বিধ্বস্ত হৈ পৰিছে৷ আমেৰিকাৰ প্রধান চহৰ নিউয়র্কত সর্বাধিক লোক আক্রান্ত আৰু মৃত্যু হৈছে৷ দেশখনত আক্রান্তৰ সংখ্যাই ৭ লাখ অতিক্রম কৰাৰ বিপৰীতে মৃতকৰ সংখ্যা ৩৮ হাজাৰোধিক৷ তেনেদৰে ইটালী, স্পেইন, গ্রেট ব্রিটেইন, ফ্রান্স, বেলজিয়াম, ইৰান আদিত আক্রান্তৰ লগতে মৃতকৰ সংখ্যাও বৃদ্ধি পাই আছে৷ আমেৰিকা, ইটালী, স্পেইন, গ্রেট ব্রিটেইন, ফ্রান্স, বেলজিয়াম, ইৰান আদিত মৃত্যুৰ কিৰীলি অব্যাহত আছে৷ জার্মানীত আক্রান্তৰ সংখ্যা লক্ষাধিকলৈ বৃদ্ধি পালেও মৃতকৰ সংখ্যা তুলনামূলকভাৱে আন দেশতকৈ কম৷ আনহাতে, ৰাছিয়াতো দিনে দিনে আক্রান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে ৷

You might also like