চেন্নাইত আবদ্ধ অসমৰ ১২টা পৰিয়াল
নিয়মীয়া বার্তা, ১৯ এপ্রিলঃ নলবাৰী, ৰঙিয়া, হাজো আৰু শুৱালকুছিৰ পৰা ১৫, ১৬ আৰু ১৭ মার্চত চিকিৎসাৰ বাবে যোৱা বহুকেইটা পৰিয়াল চেন্নাইৰ বিভিন্ন লজত আবদ্ধ হৈ থাকিবলগীয়া হোৱাত হাহাকাৰ লাগিছে পৰিয়ালসমূহৰ মাজত ৷ এই পৰিয়ালসমূহে এতিয়া যথেষ্ট আর্থিক দৈন্যকে ধৰি খাদ্যৰ সংকটত ভুগিবলগীয়া হোৱা বুলি জানিবলৈ দিছে ৷ চেন্নাইৰ কেইবাখনো লজত আবদ্ধ হৈ থকা নলবাৰী আৰু ইয়াৰ পার্শ্বৱর্তী অঞ্চলসমূহৰ ভালেসংখ্যক পৰিয়ালে ২৬ আৰু ২৭ মার্চত অসমলৈ ঘূৰি অহাৰ কথা আছিল যদিও লকডাউনৰ বাবে পৰিয়ালকেইটাই চেন্নাইৰ লজতে আবদ্ধ হৈ থাকি চৰম খাদ্য সংকটত পৰাৰ পিছতো তামিলনাডু চৰকাৰে এবাৰলৈও খবৰ নোলোৱাৰ অভিযোগ আনিছে আবদ্ধ হৈ থকা পৰিয়ালসমূহে ৷ ইয়াৰে জে এছ এপার্টমেণ্ট নামৰ লজটোত ৰঙিয়াৰ যাদৱ চন্দ্র ডেকা, ৰঙিয়া জয়ন্তীপুৰৰ কমলেশ্বৰ ভূঞা, শুৱালকুছিৰ ধ্রুৱজ্যোতি কলিতাকে আদি কৰি ১২টি পৰিয়াল আবদ্ধ হৈ আছে ৷ উপায়বিহীন হৈ পৰা পৰিয়ালকেইটাই সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰক সাহায্যৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে ৷