বৰহোলাত ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ; বহু বাসগৃহ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ ক্ষতিসাধন
নিয়মীয়া বাৰ্তা, নগাবাট, ১৯ এপ্ৰিলঃ লকডাউনৰ মাজতে দেওবাৰে সন্ধিয়া অকস্মাতে অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে বৃহত্তৰ বৰহোলা অঞ্চলৰ অলেখ ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰে। বৰহোলাৰ লগতে ইয়াৰ উপকণ্ঠ মৰাণগাঁও, নাঙলগাঁও, লোশলীয়া, কলিতাচুক, বেতনিগাঁও, কাউৰীচুক, চৰাইবাহী, গজালিবাৰী, ২ নং বছা, বছাগাঁও, মহিমাবাৰী, ছাত্ৰশালী আদি প্ৰায় অৰ্ধশতাধিক গাঁৱৰ সহস্ৰাধিক ৰাইজৰ বাসগৃহৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, গছ-গছনি, বিদ্যুতৰ খুঁটা আদি ভাঙি তহিলং কৰে।
যাৰ বাবে গৃহহীন হৈ পৰা বহু লোক বৰ্তমান এখন বিদ্যালয়ত আশ্ৰয় ল’ব লগীয়া হোৱাৰো খবৰ আহিছে। ধুমুহা-বৰষুণে সীমান্তৱৰ্তী বেকাজান অঞ্চলটো বিস্তৰ ক্ষতিসাধন কৰিছে বুলি জানিব পৰা গৈছে। লকডাউনৰ সময়তে প্ৰকৃতিৰ এনে ধ্বংসলীলাই বৰহোলা-বেকাজানৰ ৰাইজক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে।