নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেচ মাস্ক পৰিধান নকৰা বাবেই পুত্রক হত্যা বৃদ্ধ পিতৃৰ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে দেশজুৰি বিভিন্ন সতর্কতা ব্যৱস্থা গ্রহণ কৰা হৈছে যদিও বহু লোকে ইয়াক অগ্রাহ্য কৰি আহিছে৷ শেহতীয়াকৈ পশ্চিমবংগৰ কলকাতাত ফেচ মাস্ক পৰিধান কৰিবলৈ অস্বীকাৰ কৰা পুত্রক হত্যা কৰিছে ৭৮ বছৰীয়া পিতৃয়ে৷ এই ঘটনাই দেশজুৰি সৃষ্টি কৰিছে চাঞ্চল্য৷ কলকাতাৰ শোভা বাজাৰ অঞ্চলৰ বাসিন্দা বংশীধৰ মল্লিকে ৪৫ বছৰীয়া পুত্র শির্শেন্দু মল্লিকক হত্যা কৰা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ কালি সন্ধিয়া শির্শেন্দুৱে ঘৰৰ বাহিৰলৈ ওলোৱা সময়ত ফেচ মাস্ক পৰিধান কৰিবলৈ অস্বীকাৰ কৰিছিল৷ কাপোৰৰ ৰছী এডালেৰে ডিঙি চেপি ৭৮ বছৰীয়া পিতৃয়ে পুত্রক হত্যা কৰাৰ পাছতে সমগ্র অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, ৪৫ বছৰীয়া শির্শেন্দু মল্লিক বিশেষভাৱে সক্ষম এগৰাকী ব্যক্তি আছিল৷ গতিকে পিতৃয়ে শির্শেন্দুক অতি সহজেই হত্যা কৰিবলৈ সক্ষম হয় বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ শ্যামপুকুৰ আৰক্ষী থানাত গৈ পিতৃ বংশীধৰ মল্লিকে নিশাৰ ভাগত আত্মসমর্পণ কৰিছে৷ এই ঘটনাই এতিয়া পশ্চিমবংগত সৃষ্টি কৰিছে আলোড়ন৷

You might also like