নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ দেশত ক’ভিড–১৯ৰ সংক্রমণৰ ভয়াৱহতা বৃদ্ধি পাই আছে ৷ মহামাৰীৰ দৃষ্টিভংগীৰে তুলনা কৰিলে দেশত ক’ভিড–১৯ত সংক্রমণৰ হাৰ বর্ধিত হোৱা নাই যদিও ক্রমাগতভাৱে আক্রান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ দেওবাৰে মুম্বাই–দিল্লীত চিকিৎসক–নার্ছসহ এদিনত সর্বাধিক ১,৫০০তকৈও অধিক লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছত সোমবাৰে ক’ভিড–১৯ৰ বার্তা প্রচাৰ চলাই থকা সাংবাদিকো ক’ভিড–১৯ত আক্রান্ত হৈছে ৷ দেশৰ ভিতৰতে সর্বাধিক ক’ৰোনাত আক্রান্ত চহৰ মুম্বাইত ৫৩জন সাংবাদিক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ নিশ্চিত তথ্য পোহৰলৈ আহিছে ৷ সংবাদ মাধ্যমৰ সৈতে জড়িত সাংবাদিক, ভিডিঅ’ জার্নেলিষ্ট আৰু গাড়ীৰ চালকসহ প্রায় ১৭০জনৰ তেজৰ নমুনা পৰীক্ষা কৰাৰ ফলত আজি ৫৩জন সাংবাদিকৰ দেহত ক’ভিড–১৯ পজিটিভ নিশ্চিত হয় ৷
ব্রিহানমুম্বাই মিউনিচিপাল কর্প’ৰেচনে (বি এম চি) প্রকাশ কৰা মতে, মুম্বাইৰ এটা টিভি চেনেলৰ আটাইকেইজন লোকে ক’ভিড–১৯ত আক্রান্ত হৈছে ৷ মুম্বাইৰ ১৭০জনৰ ভিতৰত ৫৩জনৰ দেহত ক’ভিড–১৯ পজিটিভ নিশ্চিত হৈছে৷ এই সংখ্যা বৃদ্ধি পাব ৷ সাংবাদিকৰ তেজৰ নমুনা পৰীক্ষা কৰাৰ বাবে পৃথক লেবৰেটৰীৰ ব্যৱস্থা কৰা হৈছে ৷ সাংবাদিক অশোক বার্গিয়াই টুইটযোগে প্রকাশ কৰা মতে, মুম্বাইৰ এটা টিভি চেনেলৰ সমগ্র সাংবাদিকৰ দলটোৱে ক’ভিড–১৯ত আক্রান্ত হৈছে ৷ ইয়াৰে অধিকাংশই সংক্রমণৰ লক্ষণ অবিহনে আক্রান্ত হৈছে ৷ উল্লেখ্য যে মুম্বাইৰ উপৰি চেন্নাইৰ দুগৰাকী সাংবাদিক ক’ভিড–১৯ত আক্রান্ত হৈছে ৷ ইয়াৰে এগৰাকী ছপা মাধ্যমৰ আৰু আনগৰাকী নিউজ চেনেলৰ ৷ বিগত মার্চ মাহতে মধ্যপ্রদেশৰ ভূপালৰ এগৰাকী সাংবাদিক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছতে পুনৰ মুম্বাইত বৃহৎসংখ্যক সাংবাদিক, তামিলনাডুত দুজন সাংবাদিক মহামাৰী ভাইৰাছটোত আক্রান্ত হোৱা বিষয়টোৱে দেশখনত ক’ভিড–১৯ৰ ভয়াৱহতাকে প্রতিফলিত কৰিছে ৷
লেহত স্থল বাহিনীৰ এজন জোৱান আৰু মুম্বাইত ভাৰতীয় নৌসেনাৰ ২৬ নাবিক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছতে সেনাবাহিনীয়ে জোৱানসকলক লৈ বিশেষ পদক্ষেপ গ্রহণ কৰিছে ৷ সেনাবাহিনীক গ্রীন, য়েল’ আৰু ৰেড হিচাপে তিনিটা শিতানত বিভক্ত কৰা হৈছে ৷ ক’ৰোনা সংকটক লৈ সেনাবাহিনীয়ে গ্রহণ কৰা এই ব্যৱস্থা অনুসৰি যিসকল জোৱানে ১৪ দিনৰ কোৱাৰেণ্টাইনৰ সময়সীমা সম্পূর্ণ কৰে, তেনে জোৱানক গ্রীন কেটেগৰী, যিসকলক ১৪ দিনৰ কোৱাৰেণ্টাইনৰ প্রয়োজন, তেওঁলোকক য়েল’ কেটেগৰীত ৰখা হৈছে ৷ আনপিনে, যিসকলক আইছ’লেচনৰ প্রয়োজন, তেওঁলোকক ক’ভিড–১৯ হাস্পতালত চিকিৎসাধীন কৰাৰ লগতে ৰেড কেটেগৰীত ৰখা হৈছে ৷
ইপিনে, দেশত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা ১৮ হাজাৰ অতিক্রম কৰিছে ৷ সোমবাৰে সন্ধিয়া ৭ বজাৰ তথ্য মতে, দেশত ক’ভিড–১৯ত মৃতকৰ সংখ্যা ৫৭০ ৷ সর্বাধিক আক্রান্ত মহাৰাষ্ট্রত ৪.৫ হাজাৰ অতিক্রম কৰাৰ বিপৰীতে মৃত্যু হৈছে ২২৩জনৰ ৷ ৰাজধানী দিল্লীত আক্রান্তৰ সংখ্যা ২,০০০ অতিক্রম কৰাৰ বিপৰীতে গুজৰাটত আক্রান্তৰ সংখ্যা প্রায় ২ হাজাৰ ৷ আনপিনে, ৰাজস্থান, তামিলনাডু, মধ্যপ্রদেশত আক্রান্তৰ সংখ্যা ডেৰ হাজাৰ অতিক্রম কৰিছে৷ এহাজাৰ অতিক্রম কৰা আন এখন ৰাজ্য হৈছে উত্তৰ প্রদেশ৷ অন্ধ্রপ্রদেশ, কর্ণাটক, জম্মু–কাশ্মীৰ, পশ্চিমবংগ, ওড়িশাত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ তাৎপর্যপূর্ণ যে দেশৰ ক’ভিড–১৯ আক্রান্ত চিনাক্ত হোৱা কেৰালাত কিছুদিন ধৰি কোনো লোক আক্রান্ত হোৱা নাছিল যদিও আজি ৬জন লোক আক্রান্ত হৈছে৷ মুঠ আক্রান্ত ৪০৭জনৰ ভিতৰত ২৯১জন সুস্থ হৈছে আৰু মৃত্যু হৈছে ২জনৰ৷ আনহাতে, দিল্লীৰ ৰাষ্ট্রীয় স্বাস্থ্য কর্তৃপক্ষই কার্যালয়ৰ কর্মচাৰী ক’ভিড–১৯ত আক্রান্ত হোৱাত কার্যালয়টো অৱস্থিত দিল্লীৰ কন্নত প্লেচ অঞ্চলটো ছীল কৰি দিয়া হৈছে৷ এই কার্যালৰ জৰিয়তে আয়ুস্মান ভাৰত আঁচনি পৰিচালনা কৰি আছিল৷ মুম্বাইৰ বি এম চিৰ দুর্যোগ ব্যৱস্থাপনা নিয়ন্ত্রণ কক্ষৰ দুগৰাকী কর্মচাৰী ক’ভিড–১৯ত আক্রান্ত হোৱা বাবেই নিয়ন্ত্রণ কক্ষ ছীল কৰি দিয়া হৈছে ৷