নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰৰ পৰা খোজকাঢ়ি নগাঁৱত উপস্থিত পুৰণিগুদামৰ যাদৱ গগৈ

নিয়মীয়া বার্তা, ২১ এপ্ৰিলঃ নগাঁও জিলাৰ পুৰণিগুদামৰ সমীপৱর্তী গধৰীয়া গাঁৱৰ যাদৱ গগৈ (৪৮) নামৰ এজন লোক কর্মসংস্থাপনৰ বাবে কেইবছৰমান পূর্বে গুজৰাটৰ বাপী জিলাৰ এটা কোম্পানীত ছিকিউৰিটী গার্ড হিচাপে কর্মৰত হৈ আছিল ৷ ক’ৰোনা ভাইৰাছৰ কবলত সমগ্র ভাৰতবর্ষত লকডাউন ঘোষণা হোৱাত তেওঁ কর্মৰত কোম্পানীটোৰ কাম–কাজবন্ধ হৈ যায় ৷ ফলত তেওঁ আর্থিক সমস্যাৰ সন্মুখীন হোৱাৰ লগতে থকা–খোৱাৰ সমস্যাত পৰাত ঘৰলৈ অহাৰ সিদ্ধান্ত গ্রহণ কৰে ৷ যাৰ বাবে যোৱা ২৩ মার্চত তেওঁ গুজৰাটৰ পৰা এখন মালবাহী ট্ৰাকত আহি উত্তৰ প্রদেশ পায়হি ৷ উত্তৰ প্রদেশৰ পৰা আন এখন মালবাহী ট্ৰাকত আহি বিহাৰত উপস্থিত হয় ৷ বিহাৰ আহি পোৱাৰ পাছত কোনো ধৰণৰ যাতায়তৰ সুবিধা নথকাত বিহাৰৰ পৰা ২৭ মার্চত খোজকাঢ়ি ঘৰলৈ বুলি ৰাওনা হয় ৷ বিহাৰৰ পৰা খোজকাঢ়ি আহি থকাৰ পথত শিলিগুৰিত কোনো দুষ্টচক্রই তেওঁৰ হাতত থকা চাৰি হাজাৰ টকা লুট কৰি নিয়ে ৷ ইয়াৰ পাছতে হাতত কোনো ধৰণৰ টকা–পইচা নথকাত মৰসাহ গোটাই খোজকঢ়ি আগবাঢ়ে ৷ নিশা হ’লেই পথৰ কাষৰ জিৰণি চ’ৰাত আশ্রয় গ্রহণ কৰে লোকজনে কেইবাদিনো ভোকে–লঘোনে অতিবাহিত হোৱাৰ বিপৰীতে কোনোবা দিনা মানুহৰ পৰা ১০, ২০ টকা লৈ বিস্কুট আৰু পানী কিনি খাই দীর্ঘসময় খোজকাঢ়ি অৱশ হৈ পৰিলেও হাৰ নামানি ২৪ দিনৰ অন্তত দেওবাৰে নিশা খোজকাঢ়ি আহিয়েই নগাঁও জিলাৰ ৰহাত উপস্থিত হয়হি ৷ ৰহাৰ এটা পৰিয়ালে তেওঁক খাদ্যৰ যোগান ধৰে ৷ ইয়াৰ পাছতে যাদৱ গগৈ নামৰ লোকজনে গধৰীয়া গাঁৱৰ নিজৰ পৰিয়ালৰ লোকক ফোন কৰে ৷ পৰিয়ালৰ লোক, স্থানীয় যুৱক জিতুমণি মহন্ত আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ বিষয়ববীয়া চন্দন ফুকন, দিব্যজিৎ হাজৰিকাৰ তত্ত্বাৱধানত লোকজনক ৰহাত উদ্ধাৰ কৰে ৷ ৰহা আৰক্ষী থানাৰ সহযোগত ১০৮ৰ সহায়ত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ৰোনা নিৰীক্ষণ কেন্দ্রত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাৰ লগতে তেজৰ নমুনা সংগ্রহ কৰিছে ৷ বর্তমান লোকজনক চিকিৎসকে নিৰীক্ষণ কৰি আছে ৷ উল্লেখ্য যে সমগ্র দেশত লকডাউন ঘোষণা হোৱাৰ পাছত অসমৰ বহু লোক বহিঃৰাজ্যত আবদ্ধ হৈ থকাৰ লগতে বিভিন্ন ৰাজ্যত কর্মসংস্থাপনৰ বাবে থকা যুৱক–যুৱতী ঘৰলৈ আহিব নোৱাৰাত সেইসকলৰ আর্থিক সংকটৰ লগতে খাদ্য সংকটত ভোগাৰ কথা জানিব পৰা গৈছে৷ সেইসকল লোকক ৰাজ্য চৰকাৰে বিত্তীয় সকাহ দিয়াৰব্যৱস্থা কৰিছে যদিও ঘৰলৈ আহিব নোৱাৰিলে সেইসকলৰ সমস্যা কোনো কাৰণতে সমাধান নহয় বুলি পৰিয়ালৰ সূত্র পৰা জানিব পৰা গৈছে ৷

You might also like