নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ বিশ্বত্রাস ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দ্বিতীয় পর্যায়ৰ লকডাউন ঘোষণা কৰিছে যদিও কেন্দ্রীয় চৰকাৰৰ একাংশ বিভাগেই এই লকডাউন ভংগ কৰিবলৈ উঠিপৰি লাগিছে ৷ সোমবাৰে ডিব্রুগডত ৰে’ল বিভাগৰ চিকিৎসালয়ৰ কেইটামান চতুর্থ শ্রেণীৰ পদ পূৰণৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰি লকডাউনৰ নির্দেশনা ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ উক্ত ১২টা চতুর্থ শ্রেণীৰ পদ পূৰণৰ বাবে অনুষ্ঠিত কৰা সাক্ষাৎকাৰত অৱতীর্ণ হ’বলৈ লকডাউন ভংগ কৰি ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা প্রার্থীসকল উপস্থিত হৈছিল ডিব্রুগড চহৰৰ নালিয়াপুলস্থিত ৰে’ল বিভাগৰ চিকিৎসালয়ত ৷
কোনো ধৰণৰ সামাজিক ব্যৱধান ৰক্ষা নকৰি প্রার্থীসকলে সাক্ষাৎকাৰত অৱতীর্ণ হ’বলৈ হেতা–ওপৰা লগায় ৷ লক্ষণীয়ভাৱে এই সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ ৰে’ল বিভাগে জিলা প্রশাসনৰ পৰা কোনো ধৰণৰ অনুমতি লোৱা নাছিল অথবা সাক্ষাৎকাৰত অৱতীর্ণ হ’বলৈ সমৱেত হোৱা প্রার্থীসকলক নিয়ন্ত্রণ কৰিবলৈ ৰে’ল বিভাগৰ কোনো বিষয়া বা ৰে’ল আৰক্ষীৰ কোনো বিষয়া–কনিষ্টবলো উক্ত স্থানত উপস্থিত নাছিল ৷ পুৱাৰে পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ মাজতে সাক্ষাৎকাৰত অৱতীর্ণ হ’বলৈ সমৱেত হোৱা কেইবাশ প্রার্থীয়ে এক অৰাজক পৰিস্থিতি সৃষ্টি কৰাত স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ লোকক খবৰ দিয়ে ৷ সংবাদ মাধ্যমৰ লোক উক্ত স্থানত উপস্থিত হোৱাৰ পৰৱর্তী সময়ত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰে আৰু জিলা প্রশাসনৰ হস্তক্ষেপত উক্ত সাক্ষাৎকাৰ বাতিল কৰা হয় ৷
জানিব পৰা মতে, লকডাউনৰ সময়ছোৱাতে ডিব্রুগডৰ ৰে’ল বিভাগৰ চিকিৎসালয়ৰ উক্ত ১২টা চতুর্থ শ্রেণীৰ পদ পূৰণৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল আৰু সেই অনুসৰি সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ সেয়ে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা কেইবাশ প্রার্থী পুৱাৰে পৰা ডিব্রুগডৰ ৰে’ল বিভাগৰ চিকিৎসালয় চৌহদত উপস্থিত হৈছিল ৷ কেন্দ্রীয় চৰকাৰে ক’ভিড–১৯ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে দেশজুৰি লকডাউন অব্যাহত ৰখাৰ সময়তে ৰে’ল বিভাগে প্রধানমন্ত্রীৰ কঠোৰ নির্দেশনাকো অংগুষ্ঠ প্রদর্শন কৰা কার্যই তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে ৷