নিয়মীয়া বার্তা, ২১ এপ্রিলঃ এছিয়াৰ ভিতৰতে বৃহৎ বজাৰ হিচাপে পৰিগণিত দৰংগিৰিত সোমবাৰে উপস্থিত হয় কৃষিমন্ত্রী অতুল বৰা ৷ মন্ত্রী বৰাই বহুকেইজন কৃষকৰ কল পথাৰ পৰিদর্শন কৰাৰ লগতে সাম্প্রতিক লকডাউন অৱস্থাত তেওঁলোকে সন্মুখীন হোৱা ক্ষয়–ক্ষতিৰ বুজ লয় ৷ অঞ্চলটোৰ ধেনুভাঙা অঞ্চলৰ কলখেতিৰ সৈতে জড়িত প্রগতিশীল কৃষক দেৱব্রত ৰাভা প্রমুখ্যে আন বহুকেইজন কৃষকক কৃষিমন্ত্রী বৰাই সাক্ষাৎ কৰা কালত তেওঁলোকে লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ সৈতে পৰিবহণ যোগাযোগ বিচ্ছিন্ন হোৱাৰ ফলত সন্মুখীন হোৱা ক্ষতিৰ বিষয়ে উল্লেখ কৰে ৷
উল্লেখ্য যে অঞ্চলটোত ৩,৮০০ হেক্টৰতকৈও অধিক মাটিত কলখেতি কৰা হয় আৰু এই কল তেওঁলোকে অসমৰ বিভিন্ন জিলাৰ লগতে পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আদি ৰাজ্যৰ উপৰি বাংলাদেশ, ভূটান আদি দেশলৈও প্রেৰণ কৰি আহিছে ৷ কৃষকসকলে কৃষিমন্ত্রীক জনায় যে বৃহত্তৰ দৰংগিৰি অঞ্চলত যোৱা বছৰ উৎপাদন হোৱা কলৰ পৰিমাণ আছিল ৪০,৮২৩ মেট্রিকটন ৷ অঞ্চলটোৰ ৮,০০০ কৃষক কলখেতিৰ সৈতে জড়িত হৈ থকাৰ উপৰি এই মুহূর্তত বিক্রীৰ বাবে সাজু হৈ থকা কলৰ থোকৰ সংখ্যা ২৫,০০০ বুলিও তেওঁলোকে কৃষিমন্ত্রী বৰাক কয় ৷ কৃষক দেৱব্রত ৰাভাই কৃষিমন্ত্রীগৰাকীক জনায় যে অকল তেৱেঁই ২৫০ বিঘা মাটিত মালভোগ কলৰ খেতি কৰিছে আৰু ইয়াৰ পৰা এতিয়ালৈকে ৬০০ মেট্রিকটন কল উৎপাদন কৰিছে ৷
কৃষিমন্ত্রী বৰাই কল খেতিয়কসকলৰ সৈতে আলোচনা কৰি অনতিপলমে গুৱাহাটীৰ পামহিত এখন পাইকাৰী কলৰ বজাৰ স্থাপন কৰাৰ আশ্বাস দিয়ে৷ মন্ত্রীগৰাকীয়ে লকডাউনৰ ফলত দৰংগিৰিত আবদ্ধ হৈ থকা বহিঃৰাজ্যৰ কেইবাগৰাকীও ব্যৱসায়ীৰ সৈতে কথা–বতৰা পাতি অধিক ব্যৱসায়ীক অঞ্চলটোৰ কলখেতিৰ ব্যৱসায়ৰ সৈতে জড়িত কৰিবলৈ আহ্বান জনায় ৷ দৰংগিৰিৰ পৰা কৃষিমন্ত্রীগৰাকী পোনে পোনে গৈ গোৱালাপাৰাত উপস্থিত হৈ জিলা উপায়ুক্তৰ কার্যালয়ত কৃষি, পশুপালন, দুগ্ধ উন্নয়ন আদি বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় ৷ বৈঠকত কৃষিমন্ত্রীয়ে বিষয়াসকলক এই সংকটৰ সময়ত নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনাই কর্তব্যত অৱহেলা কৰা কোনো বিষয়াক ৰেহাই দিয়া নহ’ব বুলি সতর্ক কৰি দিয়ে ৷ কৃষি বিভাগে জিলাসমূহৰ বাবে আবণ্টন কৰা বীজ অনতিপলমে কৃষকক বিতৰণ কৰাৰ লগতে সম্ভাব্য বানপানীৰ পৰিপ্রেক্ষিতত সমূহীয়া কঠীয়াতলী আৰু অন্যান্য বিষয়সমূহৰ বাবে সাজু হৈ থাকিবলৈ কৃষি বিষয়াসকলক নির্দেশ দিয়ে ৷
এইক্ষেত্রত কেন্দ্রীয় চৰকাৰ আৰু স্বাস্থ্য বিভাগে জাৰি কৰা ক’ভিড–১৯ সম্পর্কীয় সকলোধৰণৰ নীতি–নির্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনায়৷ জিলাখনত মাংস, গাখীৰ আদিও স্বাস্থ্যসন্মতভাৱে উপভোক্তাৰ ঘৰে ঘৰে যোগান ধৰিবলৈ তেওঁ নির্দেশ দিয়ে৷ মন্ত্রী বৰাই সাংবাদিকৰ আগত প্রকাশ কৰে যে প্রথমতে এখন জিলাৰ শাক–পাচলি আন এখন জিলাই গ্রহণ নকৰাৰ পৰিৱেশ সৃষ্টি হৈছিল যদিও সম্প্রতি এই অৱস্থা দূৰ হৈছে৷ শাক–পাচলিৰ দ্বাৰা ক’ৰোনা ভাইৰাছ নিবিয়পে বুলি চিকিৎসকে কৰা মন্তব্যৰ উদ্ধৃতি দি কৃষিমন্ত্রী বৰাই লকডাউনৰ সময়ছোৱাত হোটেল, ৰেষ্টুৰেণ্ট, ধাবা, ছাত্রাৱাস আদি বন্ধ হৈ থকাত ৰাজ্যখনত পাচলিৰ উৎপাদন অনুপাতে চাহিদা কম হোৱা বুলি উল্লেখ কৰে৷ মন্ত্রী বৰাই আজি বৰপেটা আৰু নলবাৰীতো সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়৷