নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাত ব’হাগৰ থিয় নামৰ সলনি বন্তি প্রজ্বলনেৰে ধর্মীয় পৰম্পৰা ৰক্ষা

নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্যৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশজুৰি আহ্বান জনোৱা তলাবন্ধৰ প্রতি সম্পূর্ণ সমর্থন জনাই বৰপেটা সত্রৰ দালানৰ সন্মুখত ভালেমান বছৰ ধৰি পৰম্পৰাগতভাৱে চলি অহা সাত ব’হাগৰ নাম স্থগিত ৰখা হয় ৷ পৰম্পৰা অনুসৰি বিয়লি দালানৰ সন্মুখত সাত ব’হাগৰ থিয়নাম অনুষ্ঠিত হ’ব লাগিছিল যদিও তলাবন্ধৰ বাবে স্থগিত ৰখাত তিনিওটা নামখোলাৰ  স্থানত থূল তিনি হাটীৰ ভডালী, মজুমদাৰৰ উপস্থিতিত বৰপেটা সত্রৰ বুঢ়াসত্রীয়া বশিষ্ঠ শর্মাই তিনিগছি বন্তি প্রজ্বলন কৰি ধর্মীয় পৰম্পৰা ৰক্ষা কৰে ৷ থূল দক্ষিণহাটীৰ নামখোলাত ভডালী সত্যৰঞ্জন দাস আৰু মজুমদাৰ প্রাণজিৎ দাস, থূল নহাটীৰ নামখোলাত ভডালী কিৰণ চন্দ্র খাটনিয়াৰ, মজুমদাৰ প্রাণজিৎ কুমাৰ দাস আৰু থূল উত্তৰহাটীৰ নামখোলাত ভডালী মতিলাল পাঠক আৰু মজুমদাৰ মহানন্দ পাঠকে বুঢ়াসত্রীয়াই প্রজ্বলন কৰাৰ পিছত সেৱা লয়৷ তাৰ পিছত তিনিওটা থূল হাটীৰ ভডালী, মজুমদাৰৰ উপৰি সত্রৰ সম্পাদক প্রদীপ কুমাৰ পাঠকসহ উপস্থিত থকা আন কেইজনমান ভকতে থান বন্দনী ঘোষা গাই সত্রত প্রৱেশ কৰে আৰু সত্রৰ মঠৰ চোতালত সামৰণি ঘোষাৰে অপৰাধ মাগি আঁঠু লয়৷ সামাজিক দূৰত্ব বজাই ৰাখি মঠৰ চোতালত প্রার্থনা ঘোষা লগাই দিয়ে সত্রৰ বুঢ়াসত্রীয়াই৷ শেষত সত্রৰ বৰবাহাৰ বুঢ়াভকত হেমেন আতৈ বুঢ়াভকতে অপৰাধ মাগে আৰু বুঢ়াসত্রীয়াই বৰপেটা সত্রৰ ২২খন হাটীক প্রতিনিধিত্ব কৰা ভডালী, মজুমদাৰ সমন্বিতে ভকতকেইজনক আশীর্বাদ দিয়ে ৷

You might also like