নিয়মীয়া বার্তা, ২১ এপ্রিলঃ সীমান্ত টেঙাপানী গাঁৱত শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া সোমবাৰে উপস্থিত হৈ বুজ ল’লে গাঁওবাসীৰ লগতে অৰুণাচল আৰক্ষীয়ে ক্ষতিগ্রস্ত কৰি থৈ যোৱা নৱনির্মিত বাঁহ–কাঠৰ জুবিন গার্গ সেঁতুৰ ৷ উল্লেখ্য যে তিনিচুকীয়া জিলাৰ সীমান্ত টেঙাপানী গাঁৱৰ ৰাইজে অশেষ শ্রম আৰু ত্যাগেৰে নির্মাণ কৰি উলিওৱা জুবিন গার্গ সেঁতুখন ১৬ এপ্রিলত অৰুণাচল প্রদেশ আৰক্ষীয়ে কাটি, ভাঙি নদীত উটুৱাই দিয়ে ৷ ৪৯০ মিটাৰ দীঘল এই বাঁহ–কাঠৰ দলংখন অসমৰ শদিয়া আৰক্ষী জিলাৰ অন্তর্গত ছৈখোৱা থানাৰ সীমান্ত টেঙাপানী গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা ন–দিহিং নদীৰ ওপৰত আছিল ৷ গঞাৰ আশা–ভৰসাৰ এই দলংখন বাৰিষাৰ বানৰ পৰিৱর্তে অৰুণাচল আৰক্ষীয়ে নিজ খেয়াল–খুচি মতে কাটি–ভাঙি নদীত উটুৱাই দিয়ে ৷ উক্ত ঘটনাৰ খবৰ পাই বিধায়ক বলীন চেতিয়াই দুয়োখন চৰকাৰ, আমোলা–বিষয়াৰ স’তে কথা পাতি সোমবাৰে ঘটনাস্থলীলৈ গৈ পৰিৱেশ–পৰিস্থিতিৰ বুজ লৈ আজি দুয়োখন ৰাজ্যৰ স্থানীয় উপায়ুক্তৰে এক সৌহার্দ্যপূর্ণ আলোচনাৰ পোষকতা কৰি অসমৰ সীমান্তবাসীক উক্ত সভালৈ আমন্ত্রণ জনায় ৷ বিধায়কগৰাকীয়ে জানিবলৈ দিয়া মতে, অৰুণাচল প্রদেশ আৰক্ষীয়ে ক্ষতিগ্রস্ত কৰা দলংখনৰ সম্পূর্ণ খৰচ নামচাই জিলা প্রশাসনে বহন কৰিব ৷
Next Post