নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ ভাৰতত ক’ৰোনা প্রতিৰোধী তলাবন্ধৰ সময়ত ৬গৰাকীকৈ বিদেশী পর্যটকে উত্তৰাখণ্ডৰ ঋষিকেশৰ সমীপৰ এটা গুহাত আত্মগোপন কৰি থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্রায় এমাহ ধৰি এই পর্যটকগৰাকীয়ে ঋষিকেশৰ সমীপৱর্তী গুহা এটাত লুকাই আছে ৷ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, নিজ দেশলৈ প্রত্যাৱর্তনৰ বাবে হাতত ধন নথকা কাৰণে এনেদৰে গুহাত আশ্রয় লৈছে পর্যটকগৰাকীয়ে ৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, পর্যটককেইগৰাকীৰ ভিতৰত দুগৰাকী মহিলাও আছে ৷ এই পর্যটককেইগৰাকী হৈছে ফ্রান্স, আমেৰিকা, ইউক্রেইন, তুৰস্ক আৰু নেপালৰ নাগৰিক ৷ যোৱা ২৪ মার্চৰ পৰা এই পর্যটকগৰাকীয়ে হিমালয়ান ৰাজ্যখনৰ গুহাত আশ্রয় লৈছে ৷ আৰক্ষী বিষয়া ৰাজেন্দ্র সিং কাঠাইটে সংবাদ মাধ্যমক জনোৱা অনুসৰি ইতিমধ্যে আটাইকেইগৰাকী পর্যটকক গুহাৰ পৰা উদ্ধাৰ কৰি ১৪ দিনৰ বাবে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে ৷ স্মর্তব্য যে ঋষিকেশত কেইবাশ বিদেশী পর্যটক এই তলাবন্ধৰ সময়ত আবদ্ধ হৈ আছে ৷ প্রধানমন্ত্রী মোদীয়ে ২৪ মার্চৰ নিশা দেশজুৰি তলাবন্ধ ঘোষণা কৰিছিল ৷