ভাৰতত প্লাজমা থেৰাপিয়ে দেখুৱাইছে আশাৰ ৰেঙনি !
নিয়মীয়া বাৰ্তা ২১ এপ্ৰিলঃ ক’ৰোনাক পৰাস্ত কৰিবলৈ ভাৰতে যেন এখোজ আগুৱাই গৈছে। ক’ৰোনা চিকিৎসাৰ বাবে ভাৰতত এক আশাৰ ৰেঙনি দেখা দিছে প্লাজমা থেৰাপিয়ে। দেশৰ ৰাজধানী নতুন দিল্লীত এখন ব্যক্তিগত হাস্পাতলত ক’ৰোনাত আক্ৰান্ত এজন লোকৰ অৱস্থা সংকট জনক হৈছিল। তেওঁক প্লাজমা থেৰাপি দিয়াৰ পিছত এতিয়া স্বাস্থ্য বহু খিনি উন্নত হৈছে। তেওঁক সোমবাৰে নিশাই ভেণ্টিলেটৰৰ পৰা উলিয়াই অনা হৈছে। । জানিব পৰা মতে উক্ত ব্যক্তিজন যোৱা ৪ এপ্ৰিলত ক’ৰোনাত সংক্ৰমিত হৈছিল। ক’ৰোনাত সংক্ৰমিত ৪৯ বছৰীয়া ব্যক্তি জনক দিল্লীৰ মেক্স হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান সময়ত সৰ্বাধিক প্লাজমা থেৰাপি ব্যৱহাৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টন মেথ’ডিষ্ট হাস্পতালত।