নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আবদ্ধ হৈ আছে নেকি ? কিদৰে উপস্থিত হ’বগৈ গৃহ জিলাত

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ আগন্তুক ২৫,২৬ আৰু ২৭ এপ্ৰিল তাৰিখে অসমৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা লোকসকলে নিজ গৃহ জিলালৈ যাব পাৰিব বুলি উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । লকডাউনৰ পূৰ্বৰে পৰা অসমৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা লোকসকলে নিজ গৃহলৈ যাব পাৰিব এই তিনিটা তাৰিখত । বুধবাৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত এই কথা ঘোষণা কৰে ।

এইক্ষেত্ৰত অৱশ্যে চৰকাৰী নীতি-নিয়ম মানি চলাটো অতি জৰুৰী । যিসকল লোকৰ নিজৰ বাহন আছে সেই লোকসকলে জিলা উপায়ুক্তৰ জৰিয়তে আবেদন কৰিব লাগিব আৰু এই আবেদনৰ ভিত্তিত তেওঁলোকক কোনো এটা তাৰিখত নিজ জিলালৈ অথবা কৰ্মস্থলীলৈ যাবলৈ অনুমতি দিয়া হ’ব । একেদৰে যিসকল ৰোগীয়ে চিকিৎসা সম্বন্ধীয় কাৰণত আন ঠাইলৈ যাব বিচাৰে তেওঁলোকেও আবেদন কৰিব লাগিব উপায়ুক্তৰ জৰিয়তে ।

ইফালে, যিসকল লোকৰ কোনো ব্যক্তিগত বাহন নাই সেই সকলে ১০৪ ত ফোন কৰি নিজৰ গন্তব্য স্থান সম্বন্ধে অৱগত কৰিব লাগিব । অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত এইসকল লোকক নিজ নিজ জিলালৈ নিয়াৰ ব্যৱস্থা গঢ়ি তুলিব বুলিও জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে ।

You might also like