নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ কোৰিয়াৰ আর্হিত ক’ৰোনা আক্রান্তৰ নমুনা সংগ্রহৰ সঁজুলি প্রস্তুত ডাঃ ৰোহিণী বৰাৰ

লখিমপুৰৰ চিকিৎসকৰ সফলতাঃ পিপিই কিট অবিহনে সংগ্রহ কৰিব পাৰিব আক্রান্তৰ ‘স্বাব’ৰ নমুনা

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ লখিমপুৰত ক’ৰোনাবিৰোধী যুঁজখনত স্বাস্থ্য বিভাগৰ পৰা অন্যান্য বিষয়াবর্গৰ লগতে আগশাৰীৰ এজন যুঁজাৰু হ’ল ডাঃ ৰোহিণী কুমাৰ বৰা ৷ ডাঃ বৰাই জিলাখনৰ সন্দেহজনক ক’ৰোনা আক্রান্তৰ ‘স্বাব’ সংগ্রহ কৰি আই চি এম আৰলৈ প্রেৰণ কৰি আহিছে ৷ সতীর্থ টেকনিচিয়ানক লগত লৈ এই বিপজ্জনক কামত প্রথমৰ পৰাই জড়িত হৈ আহিছে ডাঃ বৰা ৷ এই ‘স্বাব’ সংগ্রহ প্রক্রিয়াত সংগ্রহকাৰীও আক্রান্ত হোৱাৰ আশংকা স’ততে বিৰাজ কৰে ৷ এই লৈ ডাঃ বৰাই সংগ্রহকাৰীৰ সুৰক্ষা সন্দর্ভত চিন্তা–চর্চা অব্যাহত ৰাখে ৷ অৱশেষত তেওঁ দক্ষিণ কোৰিয়াৰ আর্হিৰে নমুনা সংগ্রহ কৰাৰ পদ্ধতিৰ আর্হি গ্রহণ কৰে ৷ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ গুণীন গগৈ, ডাঃ নিখিল চন্দ্র কাকতি, ডাঃ তুলসী চুতীয়া আদিৰ প্রেৰণা তথা উদ্গনিত ডাঃ বৰাই দক্ষিণ কোৰিয়াৰ আর্হিৰ এটা নমুনা সংগ্রহ আর্হি প্রস্তুত কৰি উলিয়ায় ৷

যোৱা শনিবাৰে প্রস্তুত হৈ উঠা এই আর্হিৰ জৰিয়তে ইতিমধ্যে মঙলবাৰে কেইবাজনো সন্দেহজনক ক’ৰোনা আক্রান্তৰ নমুনা সংগ্রহ কৰা হয় ৷ এই পদ্ধতিৰ পিচি’ বুথৰ দৰে সৰু কক্ষত ৬ মিলিমিটাৰ ডাঠ কাঁচৰ আৱৰণৰ ফাকেৰে ৰোগীৰ নমুনা সংগ্রহৰ ব্যৱস্থা ৰখা হৈছে ৷ ইয়াৰ বাবে সংগ্রহকাৰী আক্রান্ত হোৱাৰ আশংকা কম হৈ পৰিছে ৷ আনকি পিপিই কিট ব্যৱহাৰ নকৰাকৈও এই প্রক্রিয়াৰ নমুনা সংগ্রহ কৰাটো সম্ভৱ হৈ উঠিছে৷ দক্ষিণ কোৰিয়াৰ ক’ভিড–১৯ টেষ্টিং কিয়স্ক আর্হিৰ অনুৰূপভাৱে এই মডেলটো প্রস্তুত কৰি অসমৰ ভিতৰতে লখিমপুৰত কালি প্রথমবাৰলৈ ব্যৱহাৰ কৰা হয় ৷ ইতিমধ্যে এই মডেলটো ব্যাপক ৰূপত ব্যৱহাৰৰ বাবে আই চি এম আৰৰ অনুমতিলৈ অপেক্ষা কৰা হৈছে ৷ ডাঃ ৰোহিণী বৰাৰ এই প্রচেষ্টাই সর্বত্র প্রশংসা লাভ কৰাৰ উপৰি ছ’চিয়েল মিডিয়াতো চর্চা চলিছে ৷

You might also like