নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়াত বৃদ্ধি দুষ্প্রাপ্য প্রাণীৰ চোৰাং চিকাৰ

ক’ভিড–১৯ সংকটঃ বন্যপ্রাণী সংৰক্ষণ ন্যাসৰ প্রতিবেদনত উদ্বিগ্নতা

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংহাৰৰ বাবেই এছিয়া মহাদেশত দুষ্প্রাপ্য প্রজাতিৰ জীৱ–জন্তুৰ চোৰাং চিকাৰ বৃদ্ধি পাইছে ৷ আমেৰিকা যুক্তৰাষ্ট্রস্থিত বেচৰকাৰী সংস্থা বন্যপ্রাণী সংৰক্ষণ ন্যাস (ডব্লিউচিচি)এ উদ্বিগ্ণতা প্রকাশ কৰা মতে, ক’ভিড–১৯ সংকট আৰু লকডাউনৰ সুযোগ লৈ একাংশ চোৰাং চিকাৰীয়ে এছিয়াৰ বিভিন্ন বনাঞ্চলত দুষ্প্রাপ্য প্রজাতিৰ পক্ষী, বাঘ, গঁড়কে ধৰি বিভিন্ন প্রাণীৰ চিকাৰত লিপ্ত হৈ পৰিছে৷ এই চোৰাং চিকাৰীবোৰে সম্প্রতি দ্রুতগতিত বন্য জীৱ–জন্তুৰ অবৈধ বেহাখনক সম্প্রসাৰিত কৰি তুলিছে৷ লকডাউনৰ ফলত এছিয়াৰ বিভিন্ন বনাঞ্চলৰ সমীপত থকা উপার্জন হ্রাস পোৱাৰ সুযোগতে চোৰাং চিকাৰীয়ে বিভিন্ন জনজাতীয় সম্প্রদায়ৰ লোকক প্রলোভন দি বন্যপ্রাণী হত্যাত জড়িত কৰিছে৷ তথ্য মতে, কম্বোডিয়াৰ ৰাষ্ট্রীয় চৰাইৰ প্রতিও ভাবুকি আহিছে ৷ বিভিন্ন দেশৰ ৰাষ্ট্রীয় উদ্যানসমূহৰ সমীপৰ পর্যটনৰ জৰিয়তে জীৱন নির্বাহ কৰি থকা লোকসকলৰ জীৱিকালৈ ভাবুকি আহিছে৷ লকডাউনে ভাবুকি অনাৰ বাবেই একাংশ লোক চোৰাং চিকাৰত লিপ্ত হোৱাত অৰিহণা যোগাইছে অসাধু ব্যৱসায়ীয়ে৷ ভাৰততো চোৰাং চিকাৰীয়ে দুষ্প্রাপ্য প্রজাতিৰ বাঘ আৰু গঁড়ৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ ইংগিত দিছে বেচৰকাৰী সংস্থাটোৱে৷ দক্ষিণ–পূব এছিয়াৰ বৃহত্তম মেকঙৰ ডব্লিউ চি এছৰ মাণ্ডলিক সঞ্চালক কলিন পুলেৰ মতে, এছিয়াৰ বিভিন্ন দেশত হঠাতে প্রাকৃতিক সম্পদৰ লগতে দুষ্প্রাপ্য বন্য জীৱ–জন্তুৰ চোৰাং চিকাৰত জড়িত হৈ পৰিছে গ্রামাঞ্চলৰ লোক৷ ইয়ে ভয়াৱহ ইংগিত দিছে বন্যপ্রাণীৰ ক্ষেত্রখনলৈ ৷

You might also like