নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ত আক্রান্ত দুটাকৈ পোহনীয়া মেকুৰী

নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ ক’ভিড–১৯ৰ সংক্রমণে নিউয়র্কক মৃত্যু উপত্যকাত পৰিণত কৰাৰ পিছত এইবাৰ প্রথমবাৰৰ বাবে প্রাণী আক্রান্ত হ’ল মহামাৰী ভাইৰাছটোত৷ প্রশাসনে প্রকাশ কৰা মতে দুটাকৈ পোহনীয়া মেকুৰীৰ দেহত শেহতীয়াকৈ ক’ভিড–১৯ পজিটিভ চিনাক্ত হৈছে৷ ক’ভিড–১৯ত আক্রান্ত লোকৰ সংস্পর্শলৈ অহাৰ বাবেই মেকুৰী দুটাৰ দেহত ঘাতক ভাইৰাছটোৰ সংক্রমণ হৈছে বুলি আমেৰিকা যুক্তৰাষ্ট্রৰ কৃষি বিভাগ আৰু ফেডাৰেল চেণ্টাৰছ ফৰ ডিজিজ কণ্ড্র’ল এণ্ড প্রিভেন্চনৰ কর্তৃপক্ষই প্রকাশ কৰিছে৷ গুৰুত্বপূর্ণ যে কিছুদিন পূর্বে আমেৰিকাৰ ব্রনস্ক চিৰিয়াখানাত বাঘ আৰু সিংহৰ দেহত ক’ভিড–১৯ পজিটিভ হোৱা বুলি প্রশাসনে প্রকাশ কৰিছিল৷ আক্রান্ত মেকুৰী দুটা শ্বাস–প্রশ্বাসজনিত অসুবিধাৰ সন্মুখীন হৈছে বুলি প্রকাশ কৰি প্রশাসনে এই কথাও নিশ্চিত কৰি দিছে যে ক’ভিড–১৯ৰ সংক্রমণ মেকুৰী দুটাৰ পৰা আঁতৰি যাব৷ পোহনীয়া মেকুৰীৰ দেহত ক’ভিডৰ সংক্রমণ নিশ্চিত হোৱাৰ পিছতেই নিউয়র্ক চহৰখনত আন এক আতংক বিয়পি পৰিছে৷ নিউয়র্ক প্রশাসনে অৱশ্যে মেকুৰীৰ দেহত ক’ভিড–১৯ পজিটিভ হ’লেও এনে প্রাণীৰ পৰা মানুহৰ দেহলৈ ভাইৰাছটোৰ সংক্রমণ সম্প্রসাৰিত নহয় বুলি দাবী কৰিছে৷ পোহনীয়া জন্তুক শীঘ্রেই স্বাস্থ্য পৰীক্ষণৰ বাবেও নির্দেশ দিয়া হৈছে প্রশাসনৰ তৰফৰ পৰা৷ পোহনীয়া জন্তুলৈ ক’ভিডৰ সম্প্রসাৰণ মানৱ জাতিৰ বাবে অশনি সংকেত৷

You might also like