নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰুৱা কর্মীৰ শেষকৃত্য সম্পন্ন কৰিলে গম্ভীৰেঃ মহানুভৱতাক ভূয়সী প্রশংসা অনুৰাগীৰ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ মানৱদৰদী আৰু স্পষ্টবাদী হিচাপে পৰিচিত প্রাক্তন ক্রিকেটাৰ গৌতম গম্ভীৰৰ আন এক মহানুভৱতাই দেশবাসীৰ হূদয় স্পর্শ কৰি গৈছে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱত ক্ষতিগ্রস্ত দৰিদ্র লোকৰ কাষত থিয় হৈ মানৱপ্রেমৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰা দিল্লীৰ প্রাক্তন বাঁওহতীয়া বেটছমেনগৰাকীয়ে শুকুৰবাৰে তেওঁৰ ঘৰত সহায়কাৰী হিচাপে কাম কৰা এগৰাকী মহিলা কর্মীৰ শেষকৃত্য সম্পন্ন কৰে৷

দেশজুৰি চলি থকা লকডাউনৰ বাবে মহিলা কর্মীগৰাকীৰ মৃতদেহ তেওঁৰ ওড়িশাৰ বাসগৃহলৈ প্রেৰণ কৰিব নোৱাৰাত গম্ভীৰে ধর্মীয় ৰীতি–নীতি অনুসৰি নিজ হাতেৰে  ৪৯ বছৰীয়া মহিলাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰে৷

‘মোৰ শিশু দুটাৰ যতন লোৱা সৰস্বতী পাত্র আমাৰ বাবে কেতিয়াও ঘৰুৱা কর্মী নাছিল৷ তেওঁ আমাৰ পৰিয়ালৰে এগৰাকী সদস্য আছিল৷ তেওঁৰ শেষকৃত্য সম্পন্ন কৰাটো মোৰ নৈতিক দায়িত্ব৷’ গম্ভীৰে টুইটাৰত এইদৰে কয়৷ উল্লেখ্য যে সৰস্বতী পাত্রক কিছুদিন পূর্বে দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ তেওঁ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত ভুগি আছিল৷

You might also like