নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত আর্তজনক ধন প্রদানত অনিয়ম

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ নলবাৰী জিলাৰ একাংশ গাঁও পঞ্চায়তত ক’ৰোনা ভাইৰাছৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনত কর্মহীন হৈ পৰা শ্রমজীৱী ৰাইজৰ আর্থিক দৈন্যত পৰি কুলাই পাচিয়ে নধৰা হৈছে৷ এনে সময়তে আর্ত তথা শ্রমজীৱী পৰিয়ালৰবাবে চৰকাৰে ঘোষণা কৰা এক হাজাৰ টকাৰ আর্থিক সাহায্য আঁচনিৰ নামত জিলাখনত এচাম পঞ্চায়ত প্রতিনিধি তথা সচিবে ওভতগোৰে নাচিছে যদিও জিলা প্রশাসন কি জিলা পৰিষদৰ নিমন্ত্রণ নোহোৱাৰ ৰাজহুৱা অভিযোগ উঠিছে৷

জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়াই পঞ্চায়ত কার্যালয়ত উপস্থিত মাজে মাজে হয় যদিও একো শাস্তিমূলক ব্যৱস্থা লোৱা ৰাইজে দেখিবলৈ পোৱা নাই বুলিও অভিযোগ উঠিছে৷ জিলাখনৰ একাংশ পঞ্চায়তৰ লেখিয়া ১০নং দক্ষিণ বাঁহজানী গাঁও পঞ্চায়ত, ৪০ নং দক্ষিণ নতুন দেহৰ পঞ্চায়ত আৰু ৩২নং দক্ষিণ পকোৱা পঞ্চায়তত এহাজাৰ টকীয়া সাহায্য আঁচনিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগে ৰাইজৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ দক্ষিণ নতুন দেহৰ আৰু দক্ষিণ পকোৱা গাঁও পঞ্চায়ত সভাপতি আৰু সচিবে মিলি খেয়াল–খুচিৰে কাম সম্পাদন কৰি হিতাধিকাৰীৰ তালিকা বনাই সচ্ছল লোকক সাহায্য দিয়াৰ অভিযোগ উঠিছে৷ জানিব পৰা মতে পঞ্চায়তখনৰ উত্তৰ বৰনগৰ বানেকুছিৰ ২১ নং খণ্ডৰ পঞ্চায়ত সদস্য আপছেৰ আলী আৰু একেখন গাঁৱৰে সুলভ মূল্যৰ দোকানী আকছেদ আলীয়ে মিলি তালিকাত অন্তর্ভুক্ত কৰিছে খাদ্য সুৰক্ষাৰ কার্ড থকা ব্যক্তিৰ নাম৷ এয়াই নহয় স্বজন–তোষণ কৰি প্রাপ্যজনক বঞ্চিত কৰাৰ লগতে সাহায্য দিয়া হিতাধিকাৰীৰ পৰাও উপঢ়ৌকন লোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷

ইফালে দক্ষিণ পকোৱা গাঁও পঞ্চায়ততো সভাপতি, সচিবে মিলি নিজৰ পছন্দৰ ব্যক্তিক দি প্রাপ্যজনক বঞ্চিত কৰাৰ অভিযোগ উঠিছে৷ একেই দক্ষিণ বাঁহজানী গাঁও পঞ্চায়ততো সভাপতি আৰু সচিবে নিজৰ ইচ্ছামতেই হিতাধিকাৰী বাছনি কৰি আর্তজনক বঞ্চিত কৰাৰ অভিযোগ উঠিছে৷ চৰকাৰী গাইড লাইন নামনি পঞ্চায়ত প্রতিনিধি, সচিবে নিজৰ মতেবাছনি কৰি ৰাজনীতিকৰণ কৰাত জিলাখনৰ পঞ্চায়তসমূহত সংঘটিত এই অনিয়মৰ ক্ষেত্রত জিলা প্রশাসনৰ ভূমিকা আগত দিনত লক্ষণীয় হ’ববুলি ৰাইজৰ মাজত চর্চা হৈছে৷

You might also like