ক’ৰোনাৰ নিঃসংক্রামক দৰবেই প্রতিৰোধী টিকা
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে দেশখনৰ চিকিৎসকসকলক ক’ৰোনা ভাইৰাছৰ সংক্রমণত প্রতিৰোধ লগাবলৈ এক অদ্ভুত চিকিৎসা আগবঢ়োৱাৰ পৰামর্শ দিছে৷ ৰাষ্ট্রপতি ট্রাম্পৰ এই পৰামর্শ শুনি চকু কপালত উঠিছে বিশ্বৰ চিকিৎসকসকলৰ৷ ট্রাম্পে দেশখনৰ চিকিৎসকসকলক পৰামর্শ দিছে যে ক’ৰোনা ভাইৰাছ প্রতিৰোধী হিচাপে ব্যৱহাৰ কৰা বিভিন্ন নিঃসংক্রামক দৰব (ডিছইনফেকটেণ্ট) মানুহৰ শৰীৰত টিকা হিচাপে ব্যৱহাৰ কৰা উচিত৷ অর্থাৎ যিকোনো ছেনিটাইজাৰ ট্রাম্পৰ মতে ক’ৰোনা আক্রান্ত ৰোগীক ভেকচিন হিচাপে দিলে এই ৰোগীসকল ক’ৰোনাৰ সংক্রমণমুক্ত হ’ব পাৰে৷ এইক্ষেত্রত দেশৰ চিকিৎসকসকলক ট্রাম্পে গৱেষণা চলাবলৈ আহ্বান জনোৱাৰ লগে লগে বিশ্বজুৰি খলকনি উঠিছে৷ মহা পৰাক্রমী দেশখনৰ শীর্ষ নেতাগৰাকীৰ এনে অদ্ভুত বক্তব্যত হতচকিত হৈ পৰিছে বিশিষ্ট চিকিৎসকসকল৷
উল্লেখনীয় যে কালি ক’ৰোনা ভাইৰাছ প্রতিৰোধ সন্দর্ভত হোৱাইট হাউছত সংবাদ মেল সম্বোধন কৰাৰ সময়ত ট্রাম্পে নিঃসংক্রামকবোৰেই টিকা হ’ব পাৰে বুলি যুক্তি দর্শাইছে৷ অৱশ্যে তাৎক্ষণিকভাৱে চিকিৎসকসকলে ট্রাম্পৰ এই যুক্তিক অগ্রাহ্য কৰিছে৷ আনকি ট্রাম্পৰ নিজৰ সুৰক্ষাৰ বাবে থকা জনস্বাস্থ্য সংস্থাসমূহেও এই পৰামর্শক টুলুঙা বুলি অভিহিত কৰিছে৷ কেইবাগৰাকীও বিশিষ্ট চিকিৎসকে ৰাষ্ট্রপতিগৰাকীৰ এনে অন্তঃসাৰশূন্য বক্তব্যৰ পিছত এয়া অদ্ভুত বুলি অভিহিত কৰিছে৷ ট্রাম্পৰ যুক্তিক মানি চলিলে চিকিৎসা বিজ্ঞান চৰম প্রহসনত পৰিণত হ’ব বুলিও অভিহিত কৰিছে৷ ৰাষ্ট্রপতিগৰাকীৰ মতে ক’ৰোনা আক্রান্তৰ শৰীৰত প্রচণ্ড খুন্দা মৰা বা আল্ট্রা ভায়’লেট ৰশ্মি সুমুৱাই দিলে এই মহামাৰীৰ পৰা পৰিত্রাণ পোৱাৰ সম্ভাৱনা আছে৷