কিমৰ স্বাস্থ্যক লৈ ভুল সংবাদ পৰিৱেশন চিএনএনৰ
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উন গুৰুতৰভাৱে অসুস্থ বুলি আমেৰিকাজুৰি সংবাদ মাধ্যমে সদৰী কৰাৰ পিছতে দেশখনৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে এয়া ভুল সংবাদ বুলি ঘোষণা কৰিছে৷ কিমৰ স্বাস্থ্যক লৈ আমেৰিকাত ব্যাপক চর্চা চলি থকাৰ সময়তে ট্রাম্পে উল্লেখ কৰিছে যে চি এন এনে ইচ্ছাকৃতভাৱে এয়া এক মিছা সংবাদ পৰিৱেশন কৰিছে৷ অৱশ্যে কিম জং–উনৰ স্বাস্থ্য সন্দর্ভত কোনো ধৰণৰ তথ্য সদৰী কৰাৰ পৰা বিৰত থাকে ট্রাম্প৷
ইয়াৰ বিপৰীতে ট্রাম্পে সংবাদ মাধ্যমক সমালোচনা কৰিছে৷ ট্রাম্পৰ মতে চি এন এনৰ সংবাদ শুদ্ধ নহয় আৰু চেনেলটোৱে পূর্বৰ তথ্য ব্যৱহাৰ কৰি এই সংবাদ যুগুতাইছে৷ উত্তৰ কোৰিয়াৰ শীর্ষ নেতাগৰাকীৰ সৈতে সাম্প্রতিক সময়ত কোনো ধৰণৰ যোগাযোগ হোৱাৰ কথা ট্রাম্পে উল্লেখ কৰা নাই৷ স্মর্তব্য যে শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ নেতাগৰাকী গুৰুতৰভাৱে অসুস্থ বুলি বিভিন্ন দেশৰ সংবাদ মাধ্যমে সন্দেহ প্রকাশ কৰিছে৷ কাৰণ শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ কোনো ৰাজহুৱা অনুষ্ঠানত অংশগ্রহণ কৰা নাই কিমে৷