নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকত ক’ৰোনা প্রতিৰোধী টিকাৰ পৰীক্ষা চলাব বেইজিঙে

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ ক’ভিড–১৯ প্রতিৰোধী টিকাৰ পৰীক্ষা পাকিস্তানত চলোৱাৰ বাবে চিন্তা–চর্চা চলাইছে চীনে৷ পাকিস্তানত মানৱ শৰীৰত ক’ৰোনা ভাইৰাছ প্রতিৰোধী টিকাৰ পৰীক্ষা চলাবলৈ ইতিমধ্যে চীনৰ এক ভেষজ কোম্পানীয়ে পাকিস্তানৰ ৰাষ্ট্রীয় স্বাস্থ্য প্রতিষ্ঠানক আমন্ত্রণ জনাইছে৷

অর্থাৎ চীনা কোম্পানীটোৱে পাকিস্তানী স্বাস্থ্য প্রতিষ্ঠানক মাৰাত্মক ভাইৰাছবিধৰ টিকা উদ্ভাৱনৰ ক্ষেত্রত সহযোগিতা আগবঢ়াবলৈ আমন্ত্রণ জনাইছে৷ যদি দুয়োটা সংস্থা এইক্ষেত্রত সহমতত উপনীত হ’বলৈ সক্ষম হয়, তেন্তে ক’ৰোনাৰ টিকাৰ পৰীক্ষা আৰম্ভ হ’ব পাকত৷

You might also like