নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়া থানাত স্বয়ংক্রিয় ছেনিটাইজ মেচিন স্থাপন

নিয়মীয়া বার্তা, ২৫ এপ্রিলঃ লকডাউনৰ সময়তে ৰঙিয়া থানাৰ মূল গেটত শুকুৰবাৰে ইলেক্ট্রনিক ছেনিটাইজ যন্ত্র স্থাপন কৰা হয় ৷ আৰক্ষীৰ লগতে থানাত প্রৱেশ কৰা সকলো লোকক বীজাণুমুক্ত কৰি ৰখাৰ বাবে এই ব্যৱস্থা কৰা হৈছে ৷ মহকুমা আৰক্ষী বিষয়া কংকন নাথে আনুষ্ঠানিকভাৱে উক্ত ইলেক্ট্রিক ছেনিটাইজ মেচিনটো উদ্বোধন কৰে ৷ ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ প্রতি লক্ষ্য ৰাখি উক্ত ব্যৱস্থা গ্রহণ কৰা বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে ৷ প্রতিষ্ঠিত ব্যৱসায়ী ৰাজীৱ চিকাৰীয়াই ছেনিটাইজেচন প্রক্রিয়াটোৰ ব্যয় বহন কৰে ৷ উক্ত ছেনিটাইজ গেটটো নির্মাণত ব্যয় হৈছে প্রায় ৩৫ হাজাৰ টকা ৷

You might also like