নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকাশবাণীত নৱম–দশম শ্রেণীৰ শিক্ষার্থীৰ বিশেষ পাঠদান

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল: আকাশবাণী গুৱাহাটী কেন্দ্রই নৱম আৰু দশম শ্রেণীৰ শিক্ষার্থীসকলৰ বাবে এক বিশেষ পাঠদান অনুষ্ঠানৰ ব্যৱস্থা কৰিছে৷ অসম মাধ্যমিক শিক্ষা পৰিষদৰ সহযোগিতাত কেন্দ্রটোৱে এই বিশেষ অনাতাঁৰ পাঠদান ২৭ এপ্রিলৰপৰা প্রতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ দুপৰীয়া ১২.৩০ বজাৰ পৰা ১.৩০ বজালৈকে প্রচাৰ কৰিব৷ ইংৰাজী, সমাজ বিজ্ঞান আৰু গণিত বিষয় এই পাঠদান অনুষ্ঠানত সামৰি লোৱা হৈছে৷

উল্লেখ্য যে পাঠদানৰ পিছতে ছাত্র–ছাত্রীসকলে ফোনযোগে পোনপটীয়াকৈ সেইদিনাৰ বিষয়টি সম্পর্কত প্রশ্ন সুধিব পাৰিব৷

ছাত্র–ছাত্রীসকলৰ প্রশ্নৰ তাৎক্ষণিক উত্তৰ দিব আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅ’ত উপস্থিত থকা সমল ব্যক্তিসকলে৷

উল্লেখ্য যে এই অনুষ্ঠান আকাশবাণী ডিব্রুগড, নগাঁও, যোৰহাট, তেজপুৰ আৰু ডিফু কেন্দ্রয়ো ৰীলে কৰিব৷

আকাশবাণী গুৱাহাটীৰ এফ এম মহাবাহু আৰু প্রাগজ্যোতিষপুৰ চেনেলত অনুষ্ঠানটি শুনিবলৈ পোৱা যাব৷ ইয়াৰ উপৰি All India Radio Live ম’বাইল এপতো অনুষ্ঠানটি শুনিব পাৰিব৷ ছাত্র–ছাত্রীসকলে ০৩৬১–২৩২০৩৬০, ২৬৬২৩২৫ এই নম্বৰলৈ ফোন কৰি পোনপটীয়াকৈ অথবা ৬০০৩৫–৪০৫৬৬ নম্বৰলৈ হোৱাটছএপত মেছেজ কৰি প্রশ্ন সুধিব পাৰিব৷

You might also like