ধুবুৰী জিলাৰ তিনি স্থানত আজিৰে পৰা আৰম্ভ হ’ব ৰেণ্ডম টেষ্ট
নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল: ভাৰত–বাংলাদেশ তথা অসম–বংগ সীমান্তৱর্তী ধুবুৰী জিলাত ক’ৰোনা ভাইৰাছ আক্রান্তৰ সংখ্যা ক্রমাৎ বৃদ্ধি পোৱা ঘটনাই উদ্বিগ্নতা সৃষ্টি কৰাৰ সময়তে শনিবাৰে জিলাখনৰ বিভিন্ন স্থান আৰু কোৱাৰেণ্টাইন কেম্প পৰিদর্শন কৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীয়ে পুৱা উপস্থিত হয় বিলাসীপাৰা মহকুমাৰ চাপৰত৷ চাপৰ স্বাস্থ্যকেন্দ্রত উপস্থিত হৈ তেওঁ চিকিৎসালয়খনৰ অৱস্থাৰ বুজ লয়৷ ইয়াৰ পূর্বে চাপৰ পৰিদর্শন বঙলাত অনুষ্ঠিত সংবাদ মেলত মন্ত্রী ড০ শর্মাই কয় যে ধুবুৰী জিলাৰ চাপৰ, বিলাসীপাৰা আৰু ধুবুৰীত ক’ভিড–১৯ৰ ৰেণ্ডম টেষ্ট কৰা হ’ব৷
এই প্রক্রিয়া আজিৰ পৰা আৰম্ভ হ’ব৷ প্রথমে ১৫০টা টেষ্ট কৰা হ’ব৷ পৰৱর্তী সময়ত এই সংখ্যা ৫০০লৈ বৃদ্ধি কৰা হ’ব৷ তেওঁ কয় যে মানুহৰ ইমিউনিটী ছিষ্টেম ঠিকে থাকিলে ক’ভিড–১৯ৰ উপসর্গ দেখা নাযায়৷ তেনে মানুহৰ দেহত ক’ৰোনা থাকিলে সেই ব্যক্তিজনৰ বাবে সিমান বিপজ্জনক নহয় যদিও সমাজৰ বাবে বিপজ্জনক৷ এই ৰেণ্ডম টেষ্টৰ দ্বাৰা তেনে ছাইলেণ্ট ৰোগীক বিচাৰি উলিওৱাত সহায় হ’ব৷ তেওঁ লগতে কয় যে ধুবুৰী আৰু কোকৰাঝাৰ জিলাত এই ৰেণ্ডম টেষ্ট অধিক কৰা হ’ব৷ আজিৰ দিনত কোকৰাঝাৰ জিলা ইমান গুৰুত্বপূর্ণ নহয় যদিও বংগৰ সীমান্ত খুলিলে জিলাখন স্পর্শকাতৰ হৈ পৰিব৷
আনহাতে, বংগৰ সীমা নোখোলা পর্যন্ত ধুবুৰী জিলাত বিশেষ ব্যৱস্থা ল’ব লাগিব৷ বিশেষকৈ দিল্লীৰ নিজামুদ্দিন আৰু আঠগাঁৱৰ প্রভাৱত অহা ব্যক্তিৰ ক্ষেত্রত চকু ৰাখিব লাগিব৷ তেওঁ লগতে কয় যে ধুবুৰী জিলাত সদ্যহতে ৰেপিড টেষ্ট কৰা নহয়৷ ছোৱাব টেষ্টহে কৰা হ’ব৷ অৱশ্যে পৰৱর্তী পর্যায়ত প্রয়োজন হ’লে ৰেপিড টেষ্টো কৰা হ’ব৷
উল্লেখ্য যে ধুবুৰী জিলাৰ চাপৰত জিলাখনৰ প্রথমজন ক’ৰোনা ৰোগী ধৰা পৰিছিল৷ নিজামুদ্দিন মার্কাজলৈ যোৱা জামালউদ্দিন নামৰ লোকজনৰ দেহত ক’ৰোনাৰ উপস্থিতি ধৰা পৰাৰ লগতে পৰৱর্তী পর্যায়ত বিলাসীপাৰাৰ হাকামা তৃতীয় খণ্ড গাঁৱত দুজন, ধুবুৰীৰ ঝগৰাৰপাৰত এজন আৰু কাঠালি তৃতীয় খণ্ড গাঁৱত এজন লোকৰ দেহত ক’ৰোনা ধৰা পৰে৷ এই আটাইকেইজনেই দিল্লীৰ নিজামুদ্দিন মার্কাজ আৰু আঠগাঁও মছজিদৰে সম্পর্কিত ব্যক্তি৷ মন্ত্রী ড০ শর্মাই বিলাসীপাৰাৰ বৰকান্দা পিপলছ একাডেমী কোৱাৰেণ্টাইন কেন্দ্রত উপস্থিত হৈ কেন্দ্রটোৰ অৱস্থাৰ বুজ লয়৷ ইয়াৰ পাছতে তেওঁ অসম–বংগ সীমান্তত নির্মীয়মাণ কোৱাৰেণ্টাইন কেন্দ্রৰ কামৰ অগ্রগতিৰ বুজ লয়৷ তাৎপর্যপূর্ণ এই যে বংগ সীমান্ত খুলি দিয়াৰ পাছত প্রতিজন লোকক পৰীক্ষা কৰি সন্দেহযুক্ত লোকক এই কোৱাৰেণ্টাইন কেন্দ্রত ৰখা হ’ব৷