নিয়মীয়া বার্তা, ২৬ এপ্রিলঃ দীর্ঘদিনীয়া দাবী পূৰণৰ আশ্বাস প্রদানৰ পাঁচটা বছৰ উকলি যোৱাৰ পিছতো দলং নির্মাণৰ বাবে চৰকাৰী মঞ্জুৰী নোপোৱাত অৱশেষত পুৰণি দলংখনকে মেৰামতি কৰিবলৈ ৰাইজ ওলাই আহিল ৷ চিৰাং জিলাৰ গৰুভাষাৰ অতি পিছপৰা গাঁও হিচাপে চিহ্ণিত দক্ষিণ নাংদৰবাৰীত থকা কালাইঝৰা নৈৰ ওপৰত এখন পকী দলং নির্মাণৰ বাবে দীর্ঘদিনৰ পৰা দাবী উত্থাপন হৈ আহিছে ৷ বিশেষকৈ চম্পামতী জলসিঞ্চন প্রকল্পকে ধৰি উত্তৰ নাংদৰবাৰী, আমিনপাৰাৰ লগতে কেইবাখনো বনগাঁৱলৈ যোৱা এটি অন্যতম পথৰ মাজত থকা উক্ত দলংখন অঞ্চলবাসী ৰাইজৰ বাবে অতিকৈ প্রয়োজনীয় ৷ কেইবা দশক ধৰি স্থানীয় ৰাইজে যাতায়াতৰ সম্বল হিচাপে এখন আওপুৰণি কাঠৰ দলং ব্যৱহাৰ কৰি আহিছে৷ উক্ত দলংখন কণ কণ ছাত্র–ছাত্রীকে আদি কৰি বৃদ্ধলোকৰ বাবে বিপদশংকুল হৈ পৰিছে৷ ২০১৫ চনৰ বিটিচি নির্বাচনৰ আগমুহূর্তত গৰুভাষাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত এখন নির্বাচনী সভাত বিটিচি মুখ্য কার্যবাহী হাগ্রামা মহিলাৰীয়ে উক্ত দলংখন নির্মাণ কৰাৰ ৰাজহুৱা প্রতিশ্রুতি প্রদান কৰিছিল৷ কিন্তু প্রতিশ্রুতি প্রদানৰ পাঁচ বছৰ কাল উকলি যোৱাৰ পিছতো উক্ত দলংখনৰ নির্মাণৰ বাবে চৰকাৰী মঞ্জুৰী নোহোৱাত উপায়হীন হৈ ৰাইজে অৱশেষত হাতে–কামে লাগিল গ’ল৷ সম্প্রতি দেশজুৰি লকডাউন চলি থকাৰ মাজতে স্থানীয় ৰাইজে কালি সম্পূর্ণ সামাজিক দূৰত্ব বজাই ৰাখি শ্রমদানেৰে উক্ত দলংখন চলিব পৰাকৈ মেৰামতি কৰে ৷