নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০২ বছৰীয়া মহিলা জয়ী হ’ল ক’ভিড–১৯ত

নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ প্রাণঘাতী ক’ভিড–১৯ত আক্রান্ত হৈ বিশ্বজুৰি বয়সিয়াল লোকসকলে প্রাণ হেৰুৱাইছে যদিও মৃত্যু উপত্যকাত পৰিণত হোৱা স্পেইনত ১০২ বছৰীয়া মহিলাই পৰাজিত কৰিলে ভয়াৱহ ক’ভিড–১৯ক৷ দুটা শতিকাৰ দুটা মহামাৰী ভাইৰাছত আক্রান্ত হৈও জীৱন যুঁজত পৰাজিত নোহোৱা মহিলাগৰাকী বিশ্বজুৰি চর্চিত হৈছে৷

স্পেইনস্থিত ইংৰাজী বাতৰিকাকত ‘দ্য অলিভ প্রেছে’ প্রকাশ কৰা বাতৰি মতে, ১০২ বছৰীয়া আনা ডেল ভালে নামৰ মহিলাগৰাকীয়ে একবিংশ শতিকাৰ মাৰাত্মক মহামাৰী ক’ভিড–১৯ক পৰাভূত কৰাই নহয়, এই মহিলাগৰাকীয়ে ১০০ বছৰ পূর্বে ১৯১৮ চনত ভয়াৱহ স্পেনিছ ফ্লুকো পৰাভূত কৰিছিল৷ ১৯১৮ চনৰ জানুৱাৰীৰ পৰা ১৯২০ চনৰ ডিচেম্বৰ মাহলৈকে প্রায় ৩৬ মাহ ধৰি বিশ্বজুৰি স্পেনিছ ফ্লুৱে সংহাৰী ৰূপ লৈছিল৷

উল্লিখিত সময়ত বিশ্বৰ মুঠ জনসংখ্যাৰ তৃতীয়াংশ এই মহামাৰী স্পেনিছ ফ্লুত আক্রান্ত হৈছিল৷ পাঁচশ নিযুত লোক আক্রান্ত এই মহামাৰীত বর্তমান ১০২ বছৰীয়া আনা ডেল ভালেও আক্রান্ত হৈছিল৷ ১৯১৩ চনত জন্মগ্রহণ কৰা ভালৰ আক্রান্ত হোৱাৰ সময়ত বয়স আছিল মাত্র ৭ বছৰ৷ ৭ বছৰীয়া ভালে স্পেনিছ ফ্লুত আক্রান্ত হ’লেও পিছলৈ সুস্থ হৈ উঠিছিল৷ আৰু এতিয়া ১০২ বছৰত সেই মহিলাগৰাকীয়ে ক’ভিড–১৯ত আক্রান্ত হ’ল৷

মৃত্যুৰ কিৰীলিৰ মাজতে স্পেনিছৰ বৃদ্ধাগৰাকীয়ে ক’ভিড–১৯ক পৰাভূত কৰাৰ ইতিবাচক বাতৰিয়ে বিশ্বজুৰি চর্চা লাভ কৰিছে৷ তথ্য মতে, ১০২ বছৰীয়া মহিলাগৰাকীয়ে তেওঁৰ অঞ্চলৰ ৬০জন লোক ক’ভিড–১৯ত আক্রান্তৰ সংস্পর্শলৈ অহা বাবে মহামাৰী ভাইৰাছটোত আক্রান্ত হৈছিল৷ ভালে নার্ছিং হোমত চিকিৎসাধীন হৈ ক’ভিড–১৯ক পৰাভূত কৰি নিজ গৃহলৈ উভতি আহিছে৷

You might also like