গহপুৰত অনুষ্ঠিত অনলাইন বিহু প্ৰতিযোগিতা
নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ লকডাউনৰ বাবে ৰাজ্যত ৰঙালী বিহু সন্মিলনৰ লগতে কোনো ধৰণৰ বিহু প্ৰতিযোগিতা অনুষ্ঠিত নহল । তাৰ মাজতে গহপুৰৰ ৱেব মিডিয়া চেনেল গহপুৰ হেডলাইনছ আৰু মা এণ্টাৰপ্রাইজে অসমৰ যুৱতীসকলক লৈ ১৩ এপ্রিলৰ পৰা ২৫ এপ্রিললৈকে বিহুৰাণী প্রতিযোগিতা অনুষ্ঠিত কৰে ৷ নীতি নিয়মৰ মাজেদি বিহু প্ৰতিযোগিতাখন অনলাইনত অনুষ্ঠিত হয়। অসমৰ বিভিন্ন প্রান্তৰ পৰা প্রতিযোগীসকলে এই প্রতিযোগিতাত অংশগ্রহণ কৰে। যোৱা ২৫ এপ্ৰিলত প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰে গহপুৰ হেডলাইনছ আৰু মা এণ্টাৰপ্রাইজৰ স্বত্বাধিকাৰী কন্দর্প বৰাই৷ উক্ত প্রতিযোগিতাত ভিউৱার্ছ ৩৭৮২৫ লাভ কৰি গহপুৰৰ কলেজগুৰিৰ অভিষ্পা বৰুৱাই প্রথম স্থান লাভ কৰে আৰু বিহু কুঁৱৰী হিচাপে ঘোষণা হয়৷ ৩৭৩১২ ভিউৱার্ছ লাভ কৰি নাৰায়ণপুৰৰ অংকিতা বৰুৱাই দ্বিতীয় স্থান লাভ কৰে আৰু ৩১০০৭ লাভ কৰি গহপুৰৰ মুনলিনা হাজৰিকাই তৃতীয় স্থান লাভ কৰে৷ আনহাতে এডমিন নৱজিৎ শইকীয়াই সমূহ প্রতিযোগীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বিজয়ীকেইগৰাকীক অভিনন্দন জ্ঞাপন কৰে৷