নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ শতাংশ গাহৰিৰ নমুনা কৰা হ’ব পৰীক্ষা

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ উজনি অসমৰ ভিন্ন প্রান্তত অচিন ৰোগত আক্রান্ত হৈ গাহৰিৰ মৃত্যু হোৱাক কেন্দ্র কৰি অব্যাহত আছে চাঞ্চল্য৷ ইয়াৰ পৰিপ্রেক্ষিতত ব্যাপক ক্ষতিৰ সন্মুখীন হোৱা গাহৰি পালকসকলৰ প্রতি লক্ষ্য ৰাখি কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে পশুপালন বিভাগে৷ সেই অনুসৰি সমগ্র ৰাজ্যত ২০ শতাংশ গাহৰিৰ নমুনা পৰীক্ষা কৰিব পশুপালন বিভাগে৷

 এখন সংবাদ মেলত পশুপালন মন্ত্রী অতুল বৰাই এই কথা সদৰী কয় যে গাহৰিৰ নমুনা পৰীক্ষা কৰিবলৈ ৰাজ্যত বর্তমান ৩টা পৰীক্ষাগাৰ আছে৷ এই পৰীক্ষাগাৰকেইটাত ১০০টা নমুনাহে পৰীক্ষা কৰিব পৰা যায়৷ সেয়েহে নমুনা পৰীক্ষাৰ বাবে উন্নতমানৰ পৰীক্ষাগাৰৰ ব্যৱস্থা কৰিবলৈ বিভাগে বিভিন্ন পক্ষৰ সৈতে আলোচনা আৰম্ভ কৰিছে৷

উল্লেখ্য যে এন ই আৰ ডি ডি এল, এন আৰ চি টি আৰু পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰীক্ষাগাৰত গাহৰিৰ নমুনা পৰীক্ষাৰ সুবিধা আছে৷ ইপিনে অচিন ৰোগৰ সংক্রমণ ঘটা অঞ্চলসমূহত গাহৰিৰ চিকিৎসাৰ বাবে পশু চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত শিক্ষার্থীক নিয়োগ কৰিব বুলি উল্লেখ কৰি মন্ত্রী বৰাই কয়– ‘ৰাজ্যৰ ৬খন জিলা যোৰহাট, শিৱসাগৰ, ডিব্রুগড়, লখিমপুৰ, ধেমাজি আৰু বিশ্বনাথ চাৰিআলিত গাহৰিৰ অচিন ৰোগ দেখা গৈছে৷ এই ৰোগ কিদৰে নিৰাময় কৰিব পাৰি, তাৰ বাবে পশু চিকিৎসা বিজ্ঞানীসকলৰ সৈতে নিয়মীয়াভাৱে আলোচনা অব্যাহত ৰখা হৈছে৷  মন্ত্রী বৰাই সংবাদ মেলত প্রকাশ কৰা মতে, জিলা উপায়ুক্তই নিৰীক্ষণ কৰিব লগা এই কমিটীৰ সদস্য সচিব হিচাপে থাকিব জিলা উন্নয়ন বিষয়া৷ ইয়াৰ লগতে বিভিন্ন বিভাগৰ বিষয়ায়ো এই কমিটীৰ সৈতে জড়িত হৈ থাকিব৷

You might also like