নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত প্রতিদিনে ২০ হাজাৰ লোকৰ মাজত আহাৰ বিতৰণ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বতে বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰাৰ সময়ত আর্তজনক সহায় কৰিবলৈ ওলাই আহিছে সমাজৰ বিভিন্নজন৷ গুৱাহাটী তথা গুৱাহাটী মহানগৰীৰ পার্শ্বৱর্তী ঠাইত বহুসংখ্যক দুখীয়া লোকক আহাৰ যোগান ধৰি আহিছে অমৃত ভোগ ভাণ্ডাৰ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে৷ এই সম্পর্কে স্বেচ্ছাসেৱী সংস্থাটোৰ হৈ সহঃ সংযোজক আলোক সন্থালিয়াই কয়, ‘আমি প্রথমবাৰৰ বাবে এই কার্যসূচী আৰম্ভ কৰিছোঁ৷ আমি ২৮ মার্চৰ পৰা সমগ্র গুৱাহাটীত আৰম্ভ কৰা আহাৰ বিতৰণ কার্যসূচী লকডাউন নোখোলালৈকে অব্যাহত ৰাখিম৷ প্রথম তিনি হাজাৰ দুখীয়া লোকৰ মাজত পুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু সন্ধিয়াৰ আহাৰ যোগান ধৰি আহিছিলোঁ৷ এতিয়া আমি প্রতিদিনে ২০ হাজাৰ দুখীয়া লোকক সামগ্রী বিৰতণ কৰি আছোঁ৷ ফাঁচীবজাৰৰ কেদাৰ পথৰ ৰিতুৰাজ হোটেলৰ ৰান্ধনীশালত আহাৰসমূহ ৰন্ধা হৈছে৷ ইয়াৰ বাবে আমি ৰিতুৰাজ হোটেলৰ মালিকবসন্ত সুৰানা, আকাশ সুৰানা আৰু প্রবন্ধক সঞ্জয় কুৰেছিয়াক ধন্যবাদ জনালোঁ৷ শ্রীৰাম সমিতিয়, সেৱা ভাৰতী, লায়ন্স ক্লাব, অহিংসা ক্লাব আদিৰ লগতে বি এছ এফ, এন ডি আৰ এফ আদিয়ে আমাৰ পৰা খাদ্যসামগ্রী সংগ্রহ কৰি দুখীয়া লোকৰ মাজত বিতৰণ কৰে৷

প্রতিদিনে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ আমি আহাৰ বিতৰণ কৰোঁ৷’ এই সম্পর্কে অমৃত ভোগ ভাণ্ডাৰৰ মুখ্য বিষয়া ভাগচন্দ্র জৈনে কয় ‘আমি সম্পূর্ণ পৰিষ্কাৰ, পৰিচ্ছন্নতাত গুৰুত্ব দিছোঁ লগতে চৰকাৰী নীতি–নিয়ম সম্পূর্ণভাৱে পালন কৰি আহিছোঁ৷ লগতে উন্নত মানৰ আহাৰ যোগান ধৰি আছোঁ৷ ৰিতুৰাজ হোটেলৰ ১৯জন কর্মচাৰীৰ লগতে মুঠ ৭০জন কর্মচাৰী এই সম্পূর্ণ কার্যসূচীৰ সৈতে জডিত হৈ আছে৷ আমি বানপানীৰ সময়তো দুর্গতসকলৰ বাবে এনে সেৱা আগবঢ়াম৷’

You might also like