বেংগালুৰুত আবদ্ধ অসমৰ ২৩ অৱসৰপ্ৰাপ্ত সেনা জোৱান
প্ৰত্যাৱৰ্তনৰ বাবে সহায় বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ
নিয়মীয়া বাৰ্তা ২৭ ২৭ এপ্ৰিলঃ ক’ৰোনা সংক্ৰমণ ৰোধৰ বাবে দেশত চলি আছে লকডাউন । যাৰ বাবে দেশৰ বিভিন্ন ঠাইত আবদ্ধ হৈ পৰে চিকিৎসাৰ বাবে যোৱা ৰোগী, ছাত্ৰ-ছাত্ৰী, শ্ৰমিক, পৰ্যটককে ধৰি অসংখ্য লোক । যাৰ বাবে বিগত এমাহ ধৰি বেংগালুৰুত আবদ্ধ হৈ পৰে অসমৰ ২৩ জন অৱসৰপ্ৰাপ্ত সেনা জোৱান । কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিও নিজৰ হেঁপাহৰ ঘৰখনলৈ আহিব পৰা নাই সেনাবাহিনীৰ এই সকল জোৱান । লক ডাউনৰ বাবেই ৩১ মার্চতে অৱসৰ গ্ৰহণ কৰা অসমৰ ২৩ জনকৈ জোৱান বৰ্তমানো আৱদ্ধ হৈ থাকিব লগা হৈছে Bangalore ৰ ASC Training center South, 2 Training BN, Depot COY ৰ ছাউনীতে । বছৰ বছৰ ধৰি আত্মীয় স্বজনৰ পৰা আঁতৰি দেশৰ সেৱাত নিয়োজিত হৈ থকা এইসকল সেনা বাহিনীৰ জোৱান এতিয়া উদগ্ৰীৱ হৈ পৰিছে নিজৰ হেঁপাহৰ ঘৰখনক লৈ । ইপিনে স্বাভাৱিক জীৱন যাত্ৰাৰ বাবে এই পৰ্যন্তও সৃষ্টি হোৱা নাই এক অনুকূল পৰিবেশৰ । ইয়াৰ মাজতে ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীকে ধৰি একাংশক অসম চৰকাৰে উভতাই অনাৰ বাবে ব্যৱস্থা কৰাৰ পিছতে বেংগালুৰুত আবদ্ধ হৈ থকা অসমৰ ২৩ গৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱানেও আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ই-মেইল যোগে এক পত্ৰ প্ৰেৰণ কৰি তেওঁলোকক স্ব-গৃহলৈ ওভোতাই অনাৰ ব্যৱস্থা কৰাৰ বাবে অনুৰোধ জনাইছে । জানিব পৰা মতে বেংগালুৰুত আৱদ্ধ হৈ থকা এই সকলৰ ভিতৰত গুৱাহাটীৰ ১৯ জন লখিমপুৰ জিলাৰ ৩ জন আৰু ধেমাজি জিলাৰ ১ জন জোৱান আছে ।