নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সত্র সংস্কৃতিৰ পীঠস্থানত জিলিকিল অসমৰ সাতামপুৰুষীয়া সম্প্রীতিৰ নিদর্শন

মাজুলীত হিন্দুৰ ঘৰত ইফতাৰ ধুবুৰীৰ জেহেৰুল ইছলামৰ

নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ মাজুলীত পুনৰ উদ্ভাসিত হ’ল অসমৰ সাতামপুৰুষীয়া সম্প্রীতিৰ অপূর্ব নিদর্শন ৷ সত্রীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীত শংকৰ–আজানৰ সমন্বয়ৰ আদর্শক সাৰোগত কৰি ক’ভিড–১৯ সংক্রমণৰ সময়ত গোৱালগাঁৱৰ বিপুল বৰুৱাৰ ঘৰত ব্যক্তিক্রমীভাৱে এজন মুছলমান সম্প্রদায়ৰ লোকক ৰমজানৰ ৰোজা ৰখাৰ ব্যৱস্থা কৰি দিয়ে ৷ লোকজন ধুবুৰীৰ পৰা আহি বৰুৱাৰ ঘৰত দুমাহ ধৰি কাম কৰি আছিল ৷ ইফতাৰৰ সময়ত মাজুলীত আবদ্ধ হৈ থকা এইজন ইছলামধর্মী লোকক নামনি মাজুলীৰ গোৱালগাঁৱৰ জোনাকী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বিপুল বৰুৱাই ইফতাৰৰ খাদ্য যোগান ধৰি আহিছে ৷ অসমীয়া সমাজৰ ৰীতি–নীতি অনুযায়ী জেহেৰুল ইছলাম নামৰ লোকজনক প্রণিপাত জনাই আহাৰ গ্রহণ কৰিবলৈ অনুৰোধ জনায় পৰিয়ালটোৱে৷ ৰোজা ৰাখিবৰ বাবে হিন্দু পৰিয়ালটোৱে যোগান ধৰিছে সকলো সামগ্রী আৰু ঘৰতে সকলো ব্যৱস্থা কৰি দিছে ৷ জেহেৰুলে প্রতিদিনাই ৰোজা ৰাখি তেওঁৰ ঘৰতে ইফতাৰ কৰিছে ৷

You might also like