নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ প্রকৃত দুখীয়া কৃষকক বঞ্চিত কৰি ব্যাপক খেলিমেলি, অনিয়ম, স্বজন–তোষণ, গেৰুৱাকৰণেৰে হিতাধিকাৰীৰ তালিকা তৈয়াৰ কৰি জধে–মধে বিভিন্ন লোকক কৃষি সাহায্য প্রদান কৰা ঘটনাত নলবাৰী জিলাৰ বিভিন্ন প্রান্তত কৃষক ৰাইজৰ মাজত উঠিছে ক্ষোভৰ জোৱাৰ৷ ৰাজ্যৰ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ গৃহ সমষ্টি ধর্মপুৰত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ দুখনকৈ আঁচনি ৰূপায়ণৰ নামত চৰম ভেঁকোভাওনালৈ পর্যবসিত হোৱাত ৰাইজৰ মাজত প্রতিক্রিয়া বিৰাজ কৰিছে ৷ সমষ্টিটোৰ একাংশ বিজেপি নেতা–পালিনেতাই মধ্যভোগী দালালৰ ৰূপত অৱতীর্ণ হৈ কমিছনৰ বিনিময়ত কৃষি সাহায্য আঁচনিৰ অধীনত দিয়া হিতাধিকাৰীৰ তালিকাক লৈ নির্লজ্জ ঘটনা সংঘটিত হৈছে৷ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ এই আঁচনি দুখন হৈছে ‘প্রধানমন্ত্রী কৃষি সন্মান নিধি’ আৰু ‘মুখ্যমন্ত্রী কৃষি সা–সঁজুলি যোজনা’ আঁচনি ৷
অভিযোগ অনুসৰি সমষ্টিটোত পঞ্চায়ত প্রতিনিধি, ঠিকাদাৰ, চাকৰিয়াল, পেঞ্চনাৰ, বিজেপিৰ নেতা–পালিনেতাৰ নামেৰে ভৰি পৰিল তালিকা৷ তেনে তালিকা মানুহৰ হাতে হাতে পৰাত সৃষ্টি হয় তীব্র প্রতিক্রিয়া৷ উল্লেখ্য যে সমষ্টিটোৰ ২৭নং পানীগাঁও পঞ্চায়তখনৰ সভানেত্রী বিমলা সাউদৰ পৰা আৰম্ভ কৰি প্রাক্তন আঞ্চলিক পঞ্চায়ত সদস্য তথা নিজ পকোৱাৰ বিজেপি নেতা তথা মধ্যভোগী কুমুদ দত্তৰ নাম সন্নিৱিষ্ট হিতাধিকাৰীৰ তালিকা ইতিমধ্যে ‘নিয়মীয়া বার্তা’ত সবিস্তাৰে প্রকাশ হোৱাৰ পিছতেই সমষ্টিটোত সংঘটিত এটাৰ পিছত আন এটা কেলেংকাৰি পোহৰলৈ আহে ৷ ইপিনে সমষ্টিটোৰ বেলশৰ গাঁৱৰ হিতাধিকাৰীৰ তালিকাখন ফাদিল হোৱাৰ পিছতে ৰাজনৈতিক মহলত বিষয়টোৱে ব্যাপক চর্চা লাভ কৰে ৷ তালিকাখনত পঞ্চায়ত প্রতিনিধিৰ পৰা আৰম্ভ কৰি চাকৰিয়াল, চৰকাৰী চাকৰিয়াল পেঞ্চনাৰ, শিল্পী পেঞ্চনাৰ, প্রথম শ্রেণীৰ ঠিকাদাৰ, ব্যৱসায়ীকে ধৰি ধনাঢ্য লোকৰ নাম আৰু তেওঁলোকৰ পৰিয়াল, অঙহী–বঙহী, বিজেপি কর্মীৰ নাম আছে৷ তালিকাখনত একেটা পৰিয়ালৰ ৩–৫জন সদস্যৰ নাম অন্তর্ভুক্ত হোৱাৰ লগতে একেজন লোকৰ দুই–তিনিটা ভিন্ন একাউণ্টত সোমাল কৃষি সাহায্য আঁচনিৰ ধন ৷
তালিকাত অসম সচিবালয়ৰ কর্মচাৰীৰ পত্নী, প্রথম শ্রেণীৰ ঠিকাদাৰৰ নিজৰ লগতে পৰিয়ালৰ আন আন লোকৰ নাম সন্নিৱিষ্ট হৈছে৷ বেলশৰ বিজেপিৰ ধৰণী বর্মন নামৰ বুথ কমিটীৰ সভাপতিগৰাকীয়ে বুথ এলেকাটোৰ শ্রমজীৱী দিনহাজিৰা কৰা, আনৰ ঘৰত কাম কৰি পেট প্রৱর্তোৱা বিধৱা মহিলাক কৃষি সাহায্য দিয়াৰ নামত ৫০০ টকাকৈ কমিছন সংগ্রহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ আজি কেইবাগৰাকী এনে দুখীয়া শ্রমজীৱী হিতাধিকাৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত অভিযোগ কৰিছে৷ কৃষি সাহায্য পালে আঞ্চলিক পঞ্চায়তৰ সভানেত্রীয়ে, কৃষি সাহায্য আঁচনিৰ তালিকাত নাম সোমাল ধর্মপুৰৰ পশ্চিম নলবাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্রী ভানুপ্রিয়া বৈশ্যৰ, তেওঁৰ স্বামী ধ্রুৱ বৈশ্য,বনগাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হৰিহৰ বর্মনকে ধৰি আন কেইবাগৰাকীও পঞ্চায়ত প্রতিনিধিৰ নাম৷ লক্ষণীয়ভাৱে কৃষি সাহায্য আঁচনি ৰূপায়ণত ব্যাপক বিসংগতি আৰু আসোঁৱাহ হোৱাৰ তদন্তৰ দাবীত দুদিন পূর্বে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতি আৰু বৰভাগ আঞ্চলিক সমিতিয়ে গভীৰ উদ্বেগ প্রকাশ কৰি দেশৰ প্রধানমন্ত্রী আৰু মুখ্যমন্ত্রীলৈ স্মাৰক–পত্র প্রেৰণ কৰে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এনে দুখীয়া কৃষকৰ আঁচনিক লৈ সংঘটিত বিয়াগোম কেলেংকাৰি, অনিয়মৰ তদন্ত কৰাৰ ব্যৱস্থা কৰিবনে বুলি এতিয়া প্রশ্ণ উত্থাপন হৈছে৷