নিয়মীয়া বার্তা, ২৮ এপ্রিলঃ নলবাৰীত ডিএছ পিক নাকী লগোৱাত ব্যৰ্থ প্ৰশাসন। লকডাউনৰ অজুহাত লৈ আৰক্ষী বিষয়া জনে একাংশ নিৰীহলোকক চৰম হাৰশাস্তি কৰি আহিছে। নিৰীহলোককে নহয় আনকি জিলাখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকক দুর্ব্যৱহাৰ কৰা ঘটনা পোহৰলৈ আহিছে। উল্লেখ্য যে ১৪ এপ্রিলৰ সন্ধিয়া নলবাৰী জিলাৰ ডি এছ পি ধ্রুৱজ্যোতি নাথে বৰনর্দী চ’কত এখন ফার্মাচীৰ সমুখত বহি বিভিন্ন লোকক (ফার্মাচীলৈ ঔষধ নিবলৈ অহা) হাৰাশাস্তি কৰাৰ লগতে অসমীয়া প্রতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা নলবাৰী প্রেছ ক্লাবৰ কার্যকৰী সভাপতি মাণিক ডেকাক দুর্ব্যৱহাৰ কৰে৷ আনকি কোনো প্রশ্নৰ অৱতাৰণা নকৰি তেওঁৰ চাৰিচকীয়া গাড়ীৰ চাবি কাঢ়ি লয়৷ আৰক্ষী বিষয়াগৰাকীৰ এনে অভদ্র ব্যৱহাৰত উপস্থিত লোক হতভম্ব হৈ পৰে৷ আনহাতে আৰক্ষী বিষয়াগৰাকীয়ে বনগাঁৱৰ নিখিলেশ মিশ্র নামৰ এগৰাকী যুৱককো ঔষধ আনিবলৈ যাওঁতে আৰক্ষীয়ে নলবাৰী চহৰৰ বীৰেন গেৰেজৰ সন্মুখত লাঠীৰে বেয়াকৈ কোবাই আহত কৰে৷ যুৱকজনে গর্ভৱতীৰ বাবে আনিবলৈ যোৱা ঔষধৰ নিদান পত্র দেখুওৱাৰ পিছতো সাৰি নগ’ল আৰক্ষীৰ শাস্তিৰ পৰা৷
আনহাতে লকডাউনৰ প্রথম দিনাই বাতৰিকাকতৰ বিতৰক গণেশ ডেকাক নলবাৰী কলেজ চ’কত আৰক্ষীয়ে লাঠীৰে কোবাই গুৰুতৰভাৱে আহত কৰে৷ এই ঘটনাৰ উচিত তদন্ত বিচাৰি উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীক জিলাখনৰ সাংবাদিক মহলে দাবী উত্থাপন কৰে যদিও উপায়ুক্তই কোনো বিহিত ব্যৱস্থা হাতত নল’লে৷ আনহাতে যোৱা ১৬ এপ্রিলত সমগ্র বিষয় সন্দর্ভত উপায়ুক্ত দেৱ চৌধুৰীক নলবাৰী প্রেছ ক্লাবে এখন স্মাৰক–পত্র প্রদান কৰি ডি এছ পি ধ্রুৱজ্যোতি নাথৰ দুর্ব্যৱহাৰ আৰু আৰক্ষীৰ অযথা হাৰাশাস্তি সন্দর্ভত উচিত বিচাৰ দাবী কৰে৷ স্মাৰক–পত্রৰ প্রতিলিপি মুখ্যমন্ত্রী, মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা, ডি জি পি, প্রেছ কাউঞ্চিল অৱ ইণ্ডিয়ালৈও প্রেৰণ কৰা হয়৷ সিদিনাই উপায়ুক্ত চৌধুৰীয়ে স্মাৰক–পত্রখন সন্দর্ভত তদন্ত কৰাৰ বাবে এছ পি অমনজিৎ কৌৰক নির্দেশ দি তদন্তৰ প্রতিবেদন এসপ্তাহৰ ভিতৰত দাখিল কৰিবলৈ জনায়৷ উপায়ুক্তই এই নির্দেশৰ প্রতিলিপি নলবাৰী প্রেছ ক্লাবৰ সভাপতি জিতেন শর্মালৈ প্রেৰণ কৰে৷ উপায়ুক্তৰ দায়িত্বও যেন ইমানতে শেষ৷ উপায়ুক্তই এছ পিলৈ দিয়া সময়সীমা উকলি যোৱাৰ চাৰি দিন অতিক্রম কৰাৰ পিছতো কোনো ফলাফল লাভ নকৰিলে প্রেছ ক্লাবে৷ এই সন্দর্ভত প্রেছ ক্লাবৰ সভাপতি জিতেন শর্মাই উপায়ুক্তৰ লগত যোগাযোগ কৰাত উপায়ুক্তৰ অসহায় স্বীকাৰোক্তিহে প্রকাশ পায়৷ উপায়ুক্তই মেছেজযোগে জনায় যে ক’ৰোনাৰ পিছতহে কিবা এটা কৰিব৷ উপায়ুক্তৰ এনে ভূমিকাত তীব্র অসন্তুষ্টি প্রকাশ কৰিছে নলবাৰী প্রেছ ক্লাবে৷