নিয়মীয়া বার্তা, ২৯ এপ্রিলঃ বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তনৰ পাছতে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে হাগ্রামা মহিলাৰীৰ ১৫ বছৰীয়া শাসনকালত অতিষ্ঠ হৈ পৰা অঞ্চলটোৰ গৰিষ্ঠসংখ্যক জনসাধাৰণ ৷ মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে অঞ্চলটোত ৰাজ্যপালৰ শাসন প্রৱর্তন অসাংবিধানিক বুলি অভিহিত কৰি অহাৰ বিপৰীতে হাগ্রামা মহিলাৰীৰ বিৰোধী শিবিৰে অঞ্চলটোত ন্যায় প্রতিষ্ঠা হোৱাৰ লগতে অঞ্চলটোত বসবাস কৰা সকলো লোকে পৰিৱর্তনৰ আশা দেখিছে ৷ আটাইৰে আশা যে যোৱা ১৫টা বছৰত তেওঁলোকে যি অন্যায়, বঞ্চনাৰ সন্মুখীন হৈছিল, এইবাৰ ৰাজ্যপালৰ শাসন প্রৱর্তনৰ লগে লগে সেই অন্ধকাৰ যুগৰ অৱসান ঘটিব আৰু আটায়ে নিজ নিজ অধিকাৰ লাভ কৰিবলৈ সক্ষম হ’ব৷ তদুপৰি হাগ্রামা মহিলাৰী ক্ষমতাৰ পৰা আঁতৰাৰ পৰিপ্রেক্ষিতত এইবাৰৰ বিটিচি নির্বাচন সম্পূর্ণ স্বচ্ছ আৰু নিকা হোৱাৰো তেওঁলোকে আশা কৰিছে ৷ তেনে আশাৰেই ৰাজ্যৰ বিজেপি, কংগ্রেছকে ধৰি ইউ পি পি এল, এবছু, অবড়ো জনগোষ্ঠীৰ বিভিন্ন সংগঠন আৰু প্রতিনিধিয়ে ৰাজ্যপালৰ শাসন প্রৱর্তনৰ বাবে ৰাজ্যপাল প্রফেছাৰ জগদীশ মুখীক ধন্যবাদ জ্ঞাপন কৰিছে ৷
ইয়াৰ সমান্তৰালভাৱে একে সময়তে উত্থাপন হৈছে হাগ্রামাৰ আমোলত বিটিচিত সংঘটিত বিভিন্ন দুর্নীতি, কেলেংকাৰিৰ তদন্তৰ প্রসংগও৷ ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে অতি স্পষ্টভাৱে অঞ্চলটোত বিগত সময়ছোৱাত সংঘটিত হৈ অহা বিভিন্ন দুর্নীতি বন্ধৰ বাবে ৰাজ্যপালক আহ্বান জনাইছে ৷ এইক্ষেত্রত প্রথম পর্যায়ত আমোলা–বিষয়াসকলক স্বচ্ছ আৰু নিকা কৰাৰ পদক্ষেপ গ্রহণৰ পোষকতা কৰিছে৷ প্রশাসনৰ শীর্ষ মহলৰ পৰা তৃণমূল পর্যায়লৈ প্রশাসনক স্বচ্ছ আৰু নিকা কৰি অঞ্চলটোত বসবাস কৰা ৩৫ লাখ মানুহক ৰাজ্যপালৰ শাসনৰ জৰিয়তে ন্যায় প্রদান কৰিব বুলিও তেওঁ আশা প্রকাশ কৰিছে৷ সেইদৰে হাগ্রামাৰ আমোলত সংঘটিত প্রতিটো দুর্নীতি–নিয়মৰ তদন্তৰ দাবী কৰিছে কোকৰাঝাৰৰ নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ এইক্ষেত্রত ৰাজ্যপালক আয়োগ গঠন কৰি, চি বি আই তদন্তৰ জৰিয়তে প্রতিটো দুর্নীতিৰ তদন্ত কৰাৰ পোষকতা কৰিছে ৷
সেইদৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে সাংবাদিকৰ আগত কয় যে বিটিচি চৰকাৰৰ কার্যকাল সমাপ্ত হোৱাৰ পৰিপ্রেক্ষিতত দেশৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ দফা ১৬ৰ উপদফা ২ৰ অধীনত বিটিচি অঞ্চলত ৬ মাহৰ বাবে ৰাজ্যপালৰ শাসন প্রৱর্তন কৰি এই সময়ছোৱাত অঞ্চলটোত প্রশাসন চলোৱাৰ বাবে অসম চৰকাৰৰ প্রধান সচিব ৰাজেশ প্রসাদক বিটিচিৰ প্রশাসক হিচাপে দায়িত্ব অর্পণ করা কার্যক আদৰণি জনায়৷ এই সম্পর্কত বড়োৱে কয় যে বিটিচি অঞ্চলৰ ৰাইজে দীর্ঘদিন ধৰি অঞ্চলটোত এক সুশাসন আৰু পৰিৱর্তন বিচাৰিছে৷ তদুপৰি যোৱা ২৭ জানুৱাৰীত ৰাজ্য চৰকাৰ–কেন্দ্রীয় চৰকাৰ আৰু এন ডি এফ বিৰ লগত হোৱা শান্তি চুক্তিৰ পাছত বি টি আৰ যোগ্য ব্যক্তিৰ হাতলৈ যোৱাৰ লগতে অঞ্চলটোত স্থায়ী শান্তি প্রতিষ্ঠা আৰু সকলো জনসাধাৰণক আশা–আকাংক্ষা পূৰণ হোৱাটো সকলোৱে বিচাৰি আছে৷ বিগত কালছোৱাত হাগ্রামা মহিলাৰীয়ে অঞ্চলটোত কোনো উল্লেখযোগ্য উন্নয়ন সাধন কৰিব নোৱাৰা আৰু একাধিক দুর্নীতি–ভ্রষ্টাচাৰত লিপ্ত হোৱা বাবে বি পি এফ চৰকাৰৰ কার্যকাল কোনেও বৃদ্ধি হোৱাটো বিচৰা নাছিল ৷
এবছুৱেও জনসাধাৰণে বিচৰা ধৰণে বিটিচি পৰিষদৰ কার্যকাল শেষ হোৱাৰ লগে লগে অঞ্চলটোত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰাৰ বাবে দাবী কৰি আহিছে৷ তেওঁলোকৰ সেই দাবীৰ প্রতি সঁহাৰি দি ৰাজ্যপালৰ শাসন প্রৱর্তন কৰাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷ আনহাতে, ৰাজ্যপালৰ শাসন প্রৱর্তনৰ লগে লগে একপ্রকাৰ থৰকাছুটি হেৰুৱাইছে হাগ্রামা মহিলাৰীয়ে৷ আজি সংবাদ মাধ্যমৰ আগত মহিলাৰীয়ে অঞ্চলটোত ৰাজ্যপালৰ শাসন প্রৱর্তনৰ জৰিয়তে ৰাজ্যপাল প্রফেছাৰ জগদীশ মুখীয়ে অসাংবিধানিক সিদ্ধান্ত লোৱাৰ গুৰুতৰ অভিযোগ কৰি তেওঁ কয় যে আজি বি পি এফৰ তৰফৰ পৰা ৰাজ্যপালৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিব৷ সাংবিধানিক অধিকাৰ আৰু ন্যায় বিচাৰি তেওঁলোক ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব৷ অহা এসপ্তাহৰ ভিতৰত ইয়াৰ ফলাফল লাভ কৰিব পৰা যাব বুলি তেওঁ আশা প্রকাশ কৰে৷ ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ সৈতে বি পি এফৰ এতিয়াও মিত্রতা অব্যাহত আছে বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় যে ইয়াৰ বাবে অসম চৰকাৰ আৰু বিটিচি চৰকাৰে বর্তমানৰ বিটিচি চৰকাৰৰ কার্যকাল ৬ মাহৰ বাবে বৃদ্ধি কৰিবলৈ ৰাজ্যপালৰ ওচৰত প্রস্তাৱ প্রেৰণ কৰিছে৷ কিন্তু ৰাজ্যপালে সেই প্রস্তাৱ গ্রাহ্য নকৰিলে৷ বিটিচি চৰকাৰ ভংগ কৰি অঞ্চলটোত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰিলেও বি পি এফৰ কর্মীসকলক হতাশ নহ’বলৈ, কোনো উৎকণ্ঠা নল’বলৈ আহ্বান জনাই মহিলাৰীয়ে কয় যে অঞ্চলটোত বি পি এফে পুনৰ শাসনৰ দায়িত্ব লাভ কৰিব৷ অহা অক্টোবৰৰ ভিতৰত যেতিয়া নির্বাচন হ’ব, পুনৰ বি পি এফে ক্ষমতালৈ আহিব৷ দলৰ প্রতিগৰাকী কর্মীকে নিজ নিজ গৃহত দলৰ পতাকা উত্তোলন কৰিবলৈও তেওঁ আহ্বান জনায়৷