নিয়মীয়া বাৰ্তা,২৯ এপ্ৰিলঃ সমগ্ৰ দেশত লক ডাউনৰ সময়ত হোজাই লংকাৰ পৰা চাইকেলেৰে অহা ২৪ জন যাত্ৰীক কেন্দ্ৰ কৰি সৰভোগত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে৷ মঙবাৰে দিনৰ ১ বজাত সৰভোগ আৰক্ষী থানাৰ এলেকা পাৰ হৈ বঙাইগাওঁ জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কিচমত দাৰিকাস্থিত আৰক্ষীৰ তালাচী চকীত দিন দৰিদ্ৰ শ্ৰমিক সকলক ৰখাই আৰু তাৰ পিছত তেওঁলোকৰ নথি পত্ৰ পৰীক্ষা কৰি আৰক্ষীয়ে কিছু সময় পিছত যাবলৈ দিয়া হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল৷
কিন্তু বঙাইগাও জিলাৰ আৰক্ষী প্ৰশাসনে অতি ৰহস্যজনক ভাৱে মঙলবাৰে দিনৰ ১ বজাৰ নিশা ১০-৩০ বজালৈ ১৯ গৰাকী শ্ৰমিকক ৰাজপথত থিয় কৰাই থয়৷ ভোকে লঘনে শ্ৰমিক কেইজনে উপায়হীন হৈ পৰে৷ অৱশেষত বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শান্তনা বৰা আৰু সৰভোগ আৰক্ষী থানাৰ পৰিদৰ্শক সঞ্জীৱ কুমাৰ দাসে অতি তৎপৰতাৰে শ্ৰমিক সকলক বঙাইগাওঁ জিলাৰ সীমাৰ পৰা উদ্ধাৰ কৰি খাদ্য সামগ্ৰী যোগান দিয়াৰ পিছত শ্ৰমিক সকলক সৰভোগৰ মৰ্ডান একাডেমীত থকা চিকিৎসা শিবিৰত স্বাস্থ্য পৰীক্ষা কৰে৷
তাৰ পিছত নিশাটো জিলাখনৰ বৰনগৰ চক্ৰ বিষয়া শান্তনা বৰা আৰু আৰক্ষী সঞ্জীৱ কুমাৰ দাসে নিজে উপস্থিত থাকি নিশাটোৰ আহাৰ আৰু থকাৰ ব্যৱস্থা কৰি দিয়ে৷
ইপিনে বঙাইগাওঁ জিলা প্ৰশাসন আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ দূৰ্ভাগ্যজনক ভূমিকাত ৰাইজ অসন্তুষ্ট হৈ পৰিছে৷
বিশেষকৈ শ্ৰমিকৰ হিয়া ভগা ক্ৰোন্দনে মঙলবাৰে সকলোকে আবেগিক কৰি তোলে৷
উল্লেখ্য যে উক্ত শ্ৰমিক সকল হোজাই লংকাৰ পৰা পশ্চিমবংগৰ মুৰ্ছিদাবাদলৈ চাইকেলেৰে যাত্ৰা কৰিছিল৷
আনহাতে আজি পুৱা কামাখ্যাৰ পৰা যোৱা ৬ জন শ্ৰমিকক উদ্ধাৰ কৰে জিলা প্ৰশাসনে। তেওঁলোকে উত্তৰ প্ৰদেশলৈ বুলি যাত্ৰা কৰিছিল।