চৰকাৰে প্রদান কৰা পাঁচশ টকা নিদিয়াই অপৰাধ; হোজাইত নিদাৰুণ পুত্রই খেদিলে মাতৃক
নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তর্গত নীলবাগানৰ সমীপৱর্তী সদৰ গাঁও ৰিজার্ভত দুই পুত্রৰ দ্বাৰা নির্যাতিত হ’ল মাতৃ ৷ ঘৰৰ পৰা দুদিন পূর্বে দুয়ো পুত্রই খেদি পঠিয়াইছিল ৫৫ বছৰীয়া মাতৃ চন্দ্রবান বিবিক৷ স্বামী কাছেম আলীৰ মৃত্যুৰ পিছত দুই পুত্রৰ সৈতে একেলগে আছিল মহিলাগৰাকী৷ দুয়ো পুত্রই প্রায়ে মহিলাগৰাকীক মাৰপিট কৰিছিল৷ খাবলৈ নিদিয়াকৈ অনাহাৰে ৰাখিছিল৷ দুদিন পূর্বে মহিলাগৰাকীৰ একাউণ্টত চৰকাৰে প্রদান কৰিছিল পাঁচশ টকা৷ উক্ত টকাখিনিক লৈয়ে দুয়ো পুত্রৰ মাজত খোৱা–কামোৰা লাগে৷
মাতৃয়ে সেই ধন নিদিয়াত দুয়ো পুত্রই মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিয়ে৷ দুদিন ধৰি ঘৰৰ বাহিৰতে মহিলাগৰাকী অনাহাৰে পৰি আছিল৷ কান্দি কান্দি মহিলাগৰাকীয়ে গাঁৱৰ ৰাইজক সহায় কৰিবলৈ আহ্বান জনাইছিল৷ কিন্তু অতি উদণ্ড স্বভাৱৰ দুই পুত্রক ৰাইজে বুজাই মাতৃগৰাকীক ঘৰত আশ্রয় দিবলৈ সক্ষম নহ’ল৷
মহিলাগৰাকীৰ এনে অসহায় অৱস্থাৰ খবৰ লাভ কৰি কালি হোজাই জিলা আইন সেৱা প্রাধিকৰণৰ সম্পাদিকা প্রণীতা মৰাং, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ আৰু মোৰাঝাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে৷ লগতে ন্যায়িক দণ্ডাধীশ প্রণীতা মৰাঙৰ নির্দেশত মাতৃক বর্বৰভাৱে আক্রমণ কৰা দুয়ো উদণ্ড পুত্রক আৰক্ষীয়ে আটক কৰে৷ মহিলাগৰাকীক উদ্ধাৰ কৰি হোজাই জিলা আইন সেৱা প্রাধিকৰণে মোৰাঝাৰ আৰক্ষীৰ সহযোগত নগাঁৱৰ আশ্রয় গৃহলৈ প্রেৰণ কৰে৷ চৰকাৰে একাউণ্টযোগে প্রেৰণ কৰা ধনক কেন্দ্র কৰি জন্মদাত্রী মাতৃক প্রহাৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ এই ঘটনাই হোজাইত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷