বিবদমান জলৰাশিৰ পৰা চীনে খেদিলে মার্কিন ৰণতৰী
শান্তি বিঘ্ণিত কৰাৰ পৰিৱর্তে ক’ভিড–১৯ৰ মোকাবিলা কৰক
নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ চীনৰ য়ুহান চহৰত উৎপত্তি হোৱা বিষয়টোক লৈ আমেৰিকা আৰু বেইজিং প্রশাসনৰ মাজত মতানৈক্য অব্যাহত থকা সময়তে আজি দক্ষিণ চীন সাগৰৰ জলৰাশিৰ পৰা কেইবাখনো মার্কিন ৰণতৰী ওভতাই পঠিয়াইছে বেইজিঙে৷ উল্লেখনীয় যে ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণে বিশ্বজুৰি সংহাৰ সৃষ্টি কৰি থকা সময়তে আমেৰিকাই বিবদমান জলৰাশিলৈ ৰণতৰী প্রেৰণ কৰা বিষয়টোত ক্ষোভ উজাৰি আহিছে চীনে৷ আজি চীনৰ পিপল্ছ লিবাৰেচন আর্মীয়ে সদৰী কৰা অনুসৰি, বিবদমান জলৰাশিৰ পৰা ওভতাই পঠিওৱা মার্কিন ৰণতৰীবোৰৰ ভিতৰত আছে ইউএছএছ বেৰিয়’ ৷ এই ঘটনাৰ পাছতে চীনা সেনাৰ এগৰাকী মুখপাত্রই উল্লেখ কৰিছে যে আমেৰিকাই আঞ্চলিক শান্তি আৰু নিৰাপত্তা বিঘ্ণিত কৰাৰ বিপৰীতে ক’ভিড–১৯ৰ সংক্রমণত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত মনোযোগ দিয়া উচিত৷ অৱশ্যে তাৎক্ষণিকভাৱে মার্কিন প্রতিৰক্ষা বিভাগে এই সন্দর্ভত কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷ স্মর্তব্য যে দক্ষিণ চীন সাগৰক লৈ কেইবাখনো দেশৰ মাজত চলি আছে মতানৈক্য ৷