নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব বক্সিঙৰ আয়োজনৰ স্বত্ব হেৰুৱালে ভাৰতে

নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে ভাৰতীয় বক্সিং জগতলৈ আহিল এক দুঃখবৰ৷ ২০২১ চনত হ’বলগীয়া পুৰুষ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ আয়োজনৰ স্বত্ব হেৰুৱালে ভাৰতে৷ উল্লেখ্য যে ভাৰতে প্রথমবাৰৰ বাবে এই প্রতিযোগিতাখন আয়োজন কৰাৰ সুযোগ লাভ কৰিছিল৷ অহা বর্ষত হ’বলগীয়া এই সন্মানীয় প্রতিযোগিতাখন আয়োজনৰ বাবে ভাৰতে ২০১৭ চনত আন্তঃৰাষ্ট্রীয় বক্সিং এছ’চিয়েচনৰ আয়োজনৰ স্বত্ব লাভ কৰিছিল যদিও অৱশেষত মঙলবাৰে আইবাই ভাৰতৰ পৰা পুৰুষ বিশ্ব বক্সিং চেম্পিয়নশ্বিপখন স্থানান্তৰ কৰিবলৈ বাধ্য হয়৷ ভাৰতীয় বক্সিং ফেডাৰেচনে ২০২১ চনৰ পুৰুষ বক্সিং চেম্পিয়নশ্বিপখনৰ আয়োজনৰ বাবে দিবলগীয়া ধনৰাশি দিয়াত ব্যর্থ হোৱাৰ বাবেই আন্তঃৰাষ্ট্রীয় বক্সিং এছ’চিয়েচনে এই কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয় ৷

আয়োজক ভাৰতে প্রতিযোগিতাখন আয়োজনৰ ক্ষেত্রত থকা নিয়ম–নীতিৰ লগতে আয়োজনৰ ধনৰাশি দিবলৈ অসমর্থ হোৱাৰ বাবেই বিশ্ব বক্সিং চেম্পিয়নশ্বিপখন আয়োজনৰ স্বত্ব ভাৰতৰ পৰা কর্তন কৰা হয় বুলি আইবাৰ এক বিবৃতিত এই কথা সদৰী৷ ইপিনে, প্রতিযোগিতাখনৰ আয়োজনৰ স্বত্ব হেৰুওৱাৰ বাবেও ভাৰতীয় বক্সিং ফেডাৰেচনে পাঁচ লাখ মার্কিন ডলাৰৰ জৰিমনাও ভৰিব লাগিব বুলি আইবাৰ বিবৃতিটোত লগতে সদৰী৷ আইবাই বর্তমান পুৰুষ বিশ্ব বক্সিং চেম্পিয়নশ্বিপখন ছার্বিয়াৰ বেলগ্রেডত আয়োজন কৰাৰ সিদ্ধান্ত লৈছে৷ প্রতিযোগিতাখন ২০২১ চনৰ টকি’ অলিম্পিকৰ পিছতহে অনুষ্ঠিত হ’ব বুলি আইবাৰ অন্তর্ৱর্তীকালীন সভাপতি মহম্মদ মুস্তাহছানে মন্তব্য কৰে৷ পুৰুষ বিশ্ব বক্সিং চেম্পিয়নশ্বিপখন আয়োজনৰ বাবে এথলিট, প্রশিক্ষক, বিষয়ববীয়াকে ধৰি সকলোধৰণৰ ব্যৱস্থা গ্রহণ কৰাৰ বাবে ছার্বিয়া সম্পূর্ণৰূপে সক্ষম বুলিও আইবাৰ অন্তর্ৱর্তীকালীন সভাপতিগৰাকীয়ে ব্যক্ত কৰে৷ ইফালে, ২০২১ চনৰ পুৰুষ বিশ্ব বক্সিং চেম্পিয়নশ্বিপখনৰ আয়োজনৰ স্বত্ব কর্তন কৰাত প্রতিক্রিয়া প্রকাশ কৰিছে ভাৰতীয় বক্সিং ফেডাৰেচনে ৷

আন্তঃৰাষ্ট্রীয় বক্সিং এছ’চিয়েচনে ভাৰতৰ পৰা আয়োজনৰ স্বত্ব কর্তন কৰা সিদ্ধান্তটো নিজাববীয়া বুলি উল্লেখ কৰি ভাৰতীয় বক্সিং ফেডাৰেচনে কয় যে উক্ত সিদ্ধান্তটো আইবাই নিজে লোৱা সিদ্ধান্ত৷ যেতিয়া ২০১৯ চনৰ ১ ডিচেম্বৰত পুৰুষ বিশ্ব বক্সিং চেম্পিয়নশ্বিপখন আয়োজনৰ স্বত্বৰ বাবে প্রথম কিস্তিৰ ধনৰাশি দিয়াৰ বাবে ভাৰতীয় বক্সিং ফেডাৰেচন সাজু হৈছিল, তেতিয়া আইবাই প্রতিযোগিতাখন আয়োজনৰ বাবে নতুন ধনৰাশিৰ কথা উল্লেখ কৰিছিল ৷  প্রথম অৱস্থাত থকা ধনৰাশিৰ তুলনাত পৰৱর্তী সময়ত অধিক ধনৰাশিৰ কথা উল্লেখ কৰিছিল বুলি মন্তব্য কৰি ভাৰতীয় বক্সিং ফেডাৰেচনে লগতে কয় যে নতুন ধনৰাশি বান্ধি দিয়াৰ বাবেহে পূর্বৰ চর্তাৱলীৰ সময় পাৰ হৈছিল৷ ইপিনে, সমগ্র বিশ্বৰ লগতে ভাৰততো ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে ভাৰতীয় বক্সিং ফেডাৰেচনে প্রতিযোগিতাখনৰ আয়োজনৰ স্বত্ব হেৰুওৱাৰ ফলত আইবাক দিবলগীয়া জৰিমনাখিনিও দিবলৈ সমর্থ নহয়৷ এই সমস্যাটো সমাধান কৰাৰ বাবে ভাৰতীয় বক্সিং ফেডাৰেচনে আইবাৰ সৈতে যোগাযোগ কৰি আছে ৷

You might also like