শিক্ষা–সংস্কাৰ আৰু অধ্যাপক শৰৎ মহন্ত
- ড০ সব্যসাচী মহন্ত
আমাৰ পৰম আৰাধ্য পিতৃ বৈকুণ্ঠস্থিত অধ্যাপক শৰৎ মহন্ত আছিল একাধাৰে এজন প্রতিষ্ঠিত শিক্ষাবিদ, সাংবাদিক, চিন্তাশীল লেখক, সমাজকর্মী আৰু অসমত মানৱ অধিকাৰৰ ধাৰণা বিকাশৰ এজন অগ্রণী প্রবক্তা৷ অসমৰ বৃহত্তৰ সমাজ জীৱনৰ প্রায় প্রতিখন ক্ষেত্রতেই মুক্ত বিচৰণেৰে নিজৰ বলিষ্ঠ উপস্থিতি সাব্যস্ত কৰা অধ্যাপক শৰৎ মহন্ত মূলতঃ এজন শিক্ষক আছিল৷ পোনতে শিৱসাগৰৰ বৰপাত্রদ’ল উচ্চ মাধ্যমিক বিদ্যালয় আৰু নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি কর্মজীৱন আৰম্ভ কৰা অধ্যাপক মহন্তই সুদর্ঘ প্রায় ৩৩ বছৰৰো অধিক কাল ঐতিহ্যমণ্ডিত শিৱসাগৰ কলেজৰ বুৰঞ্জী বিভাগত অধ্যাপনা কৰিছিল ৷
পাঠ্যপুথিগত শিক্ষা তথা জীৱন বীক্ষাৰে দীক্ষিত কৰি সমাজৰ নতুন চামক পৰিৱর্তন আৰু প্রগতিৰ অগ্রগামী ধ্বজাবাহকৰূপে গঢ় দিবলৈ শ্রেণীকোঠাৰ ভিতৰে–বাহিৰে নিৰলস অহোপুৰুষার্থ কৰা অধ্যাপক শৰৎ মহন্ত এজন সর্বজনস্বীকৃত ‘ভাল শিক্ষক’ আছিল৷ এই সন্দর্ভত ‘এজন মানুহ ঃ এটা ইনচিগনিয়া’ শীর্ষক এটি লেখাত অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, যশস্বী সাহিত্যিক ইমৰান শ্বাহে লিখিছে, ‘শৰৎ মহন্ত বুৰঞ্জীৰ মানুহ৷ বিশেষকৈ অসমৰ বুৰঞ্জী বৰ ভালকৈ জানিছিল৷ মই এইবোৰ বৰকৈ নাজানো৷ প্রায়ে তেওঁৰ ওচৰ চাপিছিলোঁ ইটো–সিটো কথা সুধিবৰ বাবে৷ লগে লগে উত্তৰ পাইছিলোঁ৷ কাহানিও চাই–মেলি ক’ম বাৰু বুলি কোৱা নাই৷ বৰং বিচৰাতকৈ বহুত বেছি সম্ভেদ দিছিল৷… বুৰঞ্জীৰ শিক্ষক হিচাপে মহন্তৰ প্রশংসা ছাত্রসকলৰ মুখত এতিয়াও শুনি থাকোঁ৷ এগৰাকী সফল অধ্যাপক৷ ছাত্রৰ মুখতে শুনিছোঁ, মহন্ত কেৱল চন, তাৰিখ, ঘটনাৰ তালিকা আদি লৈয়ে ব্যস্ত থকা শিক্ষক নাছিল৷ তেওঁৰ ব্যাখ্যা আৰু বর্তমান ভৱিষ্যতৰ পটভূমিত বুৰঞ্জীৰ অধ্যয়ন বৰ চিত্তাকর্ষক আছিল ৷’
অধ্যাপক শৰৎ মহন্তৰ এজন পুত্র হিচাপে আমিও সততেই লক্ষ্য কৰিছিলোঁ নিষ্ঠাৱান শিক্ষকগৰাকীৰ সময়ানুৱর্তিতা, নিয়মানুৱর্তিতা আৰু কর্তব্যপৰায়ণতা৷ প্রতিমুহূর্ততে অনুভৱ কৰিছিলোঁ তেওঁৰ সততা, নীতিনিষ্ঠতা আৰু দায়বদ্ধতা৷ প্রত্যক্ষ কৰিছিলোঁ এগৰাকী জ্ঞানপিপাসু শিক্ষকৰ অধ্যয়নমুখী মনৰ স্বভাৱসিদ্ধ অনুসন্ধিৎসা৷ ছাত্র–ছাত্রীসকলক নিজৰ শ্রেষ্ঠখিনি উজাৰি দিয়াৰ বাবে সর্বক্ষণ প্রয়াস কৰিছিল৷ সেয়েহে পাঠ্যক্রমভুক্ত বিষয়সমূহ খৰচি মাৰি জানিছিল যদিও প্রতিটো শ্রেণীৰ বাবে পঢ়াবলগীয়া পাঠটিৰ পুনঃধ্যয়নেৰে নিজকে প্রস্তুত কৰি লোৱাটো তেওঁৰ এক নিয়মীয়া অভ্যাস আছিল৷ আমাৰ শিক্ষক–পিতৃগৰাকীৰ এই অভ্যাসৰ ব্যতিক্রম ঘটা আমি কেতিয়াও দেখা নাছিলোঁ৷ বন্ধুত্বসুলভ দৃষ্টিভংগীৰে শিক্ষার্থীমুখী শিক্ষণ পদ্ধতিৰে কৰা শিক্ষাদানৰ বাবেই সকলো স্তৰৰ ছাত্র–ছাত্রী বহুলভাৱে উপকৃত হৈছিল আৰু সেইবাবেই সর্বজন সমাদৃত হৈছিল অধ্যাপক শৰৎ মহন্ত ৷
মই অধ্যাপক হিচাপে চাকৰিত যোগদান কৰোঁতেও আমাৰ পিতৃ তথা দীর্ঘদিনীয়া শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট সফল অধ্যাপকগৰাকীয়ে মোক কেইবাটাও গুৰুত্বপূর্ণ উপদেশ দিছিল৷ ছাত্র–ছাত্রীৰ ভৱিষ্যতৰ প্রশ্ণৰ সৈতে পোনপটীয়াকৈ জড়িত শিক্ষকতা বৃত্তিৰ এক সুকীয়া তাৎপর্য আছে বুলি উল্লেখ কৰি তেওঁ মোক শিক্ষকতাৰ সৈতে সংপৃক্ত হৈ থকা মৌলিক কর্তব্য আৰু প্রবল দায়িত্ববোধৰ সৈতে সর্বদা একাত্ম হৈ থাকিবলৈ পৰামর্শ দিছিল৷ তদুপৰি আন কেইটিমান দিশতো মোক সজাগ কৰি দি তেওঁ কৈছিল, ‘শ্রেণীত পাঠদান কৰিবলৈ যোৱাৰ আগতে পঢ়াবলগীয়া পাঠটো খৰচি মাৰি জানি ল’ব লাগে৷ শিক্ষকে শ্রেণীকোঠাত কোৱা প্রতিটো কথা নির্ভুল হোৱা উচিত৷ কিয়নো ছাত্র–ছাত্রীসকলৰ বাবে শিক্ষকে কোৱা কথাটোৱেই শিলৰ ৰেখা৷’ সেইদৰে ছাত্র–ছাত্রীসকলৰ মনত এজন শিক্ষকৰ প্রতি প্রথমে সৃষ্টি হোৱা ধাৰণাটোৱেই সাধাৰণতে চিৰদিনৰ বাবে থাকি যায় বুলি সচেতন কৰি দি তেওঁ কৈছিল, ‘শিক্ষকে নাজানে বুলি ছাত্রই জানিলে শিক্ষকৰ প্রতি থকা ছাত্রৰ ধাৰণাই বিনষ্ট হয় আৰু এবাৰ বিনষ্ট হোৱা ধাৰণা ঘূৰাই অনা বৰ সহজ নহয়৷’ ছাত্র–ছাত্রীসকলৰ প্রতি সততেই সংবেদনশীল আৰু তেওঁলোকৰ প্রতি সদায়েই বন্ধুত্বপূর্ণ আচৰণ কৰিবলৈ পৰামর্শ দিয়া আমাৰ অধ্যাপক পিতৃয়ে শ্রেণীকোঠাৰ বাহিৰতো ছাত্র–ছাত্রীসকলক পার্যমানে সহায় কৰিবলৈ সর্বক্ষণ প্রস্তুত থাকিবলৈ মোক পৰামর্শ দিছিল ৷
ছাত্র সমাজৰ প্রতি বন্ধুত্বসুলভ দৃষ্টিভংগীৰে ছাত্র–ছাত্রীসকলৰ স্বার্থ সুৰক্ষাৰ লগতে তেওঁলোকৰ সর্বাংগীণ উত্তৰণৰ অর্থে অহৰহ অহোপুৰুষার্থ কৰা অধ্যাপক শৰৎ মহন্তই সমকালীন শিক্ষা ব্যৱস্থাত থকা আসোঁৱাহসমূহ দূৰ কৰিবৰ বাবেও সর্বক্ষণ সচেষ্ট আছিল৷ সেই সময়ত প্রচলিত শিক্ষা ব্যৱস্থাত থকা কেৰোণসমূহ আঁতৰোৱাৰ অর্থে তেওঁ সংশ্লিষ্ট কর্তৃপক্ষৰ প্রতি এনে বিষয়সমূহ দৃষ্টিগোচৰ কৰিবলৈ প্রয়াস কৰাৰ লগতে এই সন্দর্ভত সভা–সমিতি, আলোচনা–চক্র আদিত মুকলিকৈয়ে সৰৱ হৈ পৰিছিল৷ তদুপৰি বিভিন্ন মাধ্যমত প্রকাশিত তেওঁৰ লেখাসমূহৰ যোগেদিও তেওঁ প্রচলিত শিক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰ সাধনৰ পোষকতা কৰিছিল৷ পৰীক্ষাকেন্দ্রিক নম্বৰসর্বস্ব শিক্ষা ব্যৱস্থাৰ এজন কঠোৰ সমালোচক অধ্যাপক মহন্তৰ মতে এনে শিক্ষা ব্যৱস্থাই কেতিয়াও শিক্ষাৰ প্রকৃত উদ্দেশ্য সাধন কৰিব নোৱাৰে৷ আমাৰ অলক্ষিতেই শেহতীয়াভাৱে পৰীক্ষাত লাভ কৰা নম্বৰেই এজন ছাত্রৰ জ্ঞান বা শিক্ষা লাভৰ মাপকাঠী হৈ পৰাৰ পৰিপ্রেক্ষিততেই অধিকাংশ ছাত্র–ছাত্রীৰ মাজত পাঠ্যপুথি, প্রসংগ পুথি অথবা অন্যান্য গ্রন্থ অধ্যয়নৰ স্পৃহা হ্রাস পাইছে বুলিও তেওঁ আক্ষেপ কৰিছিল৷ সেইদৰে পৰীক্ষাত সফলতা (?) লাভৰ চমু পথৰ সন্ধানত একাংশ ছাত্র–ছাত্রীৰ মাজত সস্তীয়া নোটচ্ অথবা সহায়িকা পুথিৰ সহায় লোৱাৰ বর্ধিত প্রৱণতাও আন এক উদ্বিগ্ণতাৰ বিষয় বুলি অধ্যাপক মহন্তই মত পোষণ কৰিছিল৷
সেয়েহে অধ্যাপক শৰৎ মহন্তই সমকালীন শিক্ষা ব্যৱস্থাত বিদ্যমান দোষ–ত্রুটিসমূহৰ সংশোধন তথা বিভিন্ন সমস্যাসমূহ নিৰাময়ৰ বাবে পথৰ সন্ধান কৰিছিল৷ প্রচলিত শিক্ষা ব্যৱস্থাৰ ব্যাপক সংস্কাৰ সাধনৰ কথা মর্মে মর্মে উপলব্ধি কৰিছিল৷ এই প্রসংগত অধ্যাপক মহন্তই তেওঁৰ ‘আমাৰ বর্তমান শিক্ষা পদ্ধতি সম্পর্কে যৎকিঞ্চিৎ’ শীর্ষক এটি প্রবন্ধত লিখিছে– ‘মানৱক সম্পদ বুলি কোৱা হৈছে৷ আমাৰ শিক্ষাৰ উদ্দেশ্য হ’ল মানৱ সম্পদৰ বিকাশ সাধন কৰা৷… পিছে আমাৰ বর্তমানৰ ব্যৱস্থাই চলি থাকিলে মানৱ সম্পদৰ তথা আমাৰ ল’ৰা–ছোৱালীহঁতৰ সর্বাংগীণ বিকাশ ঘটিবনে? কিন্তু কেৱল প্রশ্ণ কৰিলেই জানো সমস্যাৰ সমাধান হ’ব? আহক, আমি শিক্ষক, ছাত্র, অভিভাৱক, প্রশাসক সকলোৱে মিলিজুলি চিন্তা কৰি, আলোচনা–বিলোচনা কৰি নতুন কিবা এটা উদ্ভাৱন কৰোঁ৷ শিক্ষা মানে যাতে পৰীক্ষাই নহয়, ই যাতে শিক্ষার্থীক সকলো প্রকাৰৰ জ্ঞান আহৰণ কৰি প্রকৃতার্থত মানৱ সম্পদ হ’বলৈ শিকায়৷ কাৰণ শিক্ষাই প্রকৃতার্থত জীৱনৰ সর্বতোমুখী বিকাশ সাধন কৰিব পাৰিব লাগিব৷’
শিক্ষা আৰু শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সন্দর্ভত অধ্যাপক শৰৎ মহন্তৰ এই অনুভৱ আৰু এই দিশত আগবঢ়োৱা তেওঁৰ বাস্তৱভিত্তিক বিশ্লেষণৰ প্রাসংগিকতা এতিয়াও আছে৷ এই কথা নিতান্তই সত্য যে সমকালীন শিক্ষা ব্যৱস্থা সম্পর্কত অধ্যাপক মহন্তই আঙুলিয়াই দিয়া বিভিন্ন দিশসমূহ সাম্প্রতিক সময়তো সমানেই প্রযোজ্য৷ সেয়েহে বর্তমান সময়তো অধ্যাপক শৰৎ মহন্তৰ পৰামর্শাৱলী শৈক্ষিক সংস্কাৰৰ দিশত অৱশ্যেই হ’ব পাৰে বিজ্ঞ–বিদ্বৎজনৰ অন্যতম পাথেয় ৷
অধ্যক্ষ, গড়গাঁও মহাবিদ্যালয়
ফোন : ৯৪৩৫০–৫৭৩৩২