নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোক পুনৰ ৰাষ্ট্রপতি হোৱাটো নিবিচাৰে বেইজিঙে

নিয়মীয়া বাৰ্তা, ১ মেঃ ক’ৰোনা ভাইৰাছ বিশ্বব্যাপী বিয়পাই দিয়া বুলি চীনৰ বিৰুদ্ধে সৰৱ হৈ থকা আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে এইবাৰ তেওঁক পুনৰ ৰাষ্ট্রপতি হোৱাটো নিবিচাৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ হোৱাইট হাউছত সাংবাদিকৰ সৈতে কথোপকথনত ক’ৰোনা ভাইৰাছৰ বাবে দেশখনত হোৱা ক্ষতিপূৰণ চীনে আদায় দিব লাগিব বুলি ৰাষ্ট্রপতি ট্রাম্পে প্রকাশ কৰাৰ লগতে যিকোনো পৰিণামৰ বাবে দেশখন সাজু থাকিব লাগিব বুলিও কয়৷ তদুপৰি অহা বর্ষত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্রপতি নির্বাচনত ড’নাল্ড ট্রাম্প পুনৰবাৰ নির্বাচিত হোৱাটো বেইজিঙে নিবিচাৰে বুলিও কয় ৰাষ্ট্রপতিগৰাকীয়ে৷ উল্লেখ্য যে চীনৰ সৈতে বাণিজ্য যুঁজ চলাই থকা ট্রাম্পে ক’ৰোনা ভাইৰাছক লৈও দেশখনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে ৷

You might also like