নিয়মীয়া বাৰ্তা, ১ মেঃ লকডাউনৰ সময়ছোৱাত ডিব্রুগড জিলা প্রশাসনে জিলাখনৰ গৃহহীন আৰু মানসিকভাৱে বাধাগ্রস্ত লোকসকলক খাদ্য আৰু আশ্রয় প্রদানৰ লক্ষ্যৰে গঢ়ি তোলা অস্থায়ী আশ্রয় কেন্দ্রৰ পৰা বৃহস্পতিবাৰে নিজ গৃহ অভিমুখে ৰাওনা হয় এগৰাকী মানসিকভাৱে বাধাগ্রস্ত মহিলা ৷ উল্লেখ্য যে বিগত ৬ এপ্রিলত লকডাউন চলি থকাৰ সময়ত ডিব্রুগড জিলাৰ লেপেটকটা আৰক্ষী চকীয়ে নিজ চকীৰ অন্তর্গত বিনয়গুটীয়াত ৰাস্তাৰ কাষৰ পৰা দুগৰাকী আশ্রয়হীন মহিলাক উদ্ধাৰ কৰি ডিব্রুগড সমাজ কল্যাণ বিভাগৰ হাতত গতাই দিছিল ৷ জিলা প্রশাসনৰ পৰামর্শমর্মে এই দুইগৰাকী মহিলাকে ডিব্রুগড সমাজ কল্যাণ বিভাগে ডিব্রুগডৰ বৈৰাগীমঠস্থিত নর্থ ইষ্টার্ন বুদ্ধিষ্ট কালচাৰেল এছ’চিয়েচনৰ পুনৰসংস্থাপন কেন্দ্রত আশ্রয় প্রদানৰ ব্যৱস্থা কৰে ৷
উল্লেখ্য যে বিগত ৬ এপ্রিলৰ পৰা আজি পর্যন্ত প্রায় ২৩ দিন ধৰি আশ্রয় কেন্দ্রটোত অন্যান্য মহিলাৰ সৈতে এই দুয়োগৰাকী মহিলাই আশ্রয় লৈ থকাৰ সময়তে মহিলা দুগৰাকীৰ পৰিয়ালৰ ঠিকনা উলিয়াবলৈও প্রশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱা আৰু সমাজ কল্যাণ বিষয়া জ্যোতিৰেখা বৰগোহাঁয়ে নিৰন্তৰ প্রচেষ্টা অব্যাহত ৰাখিছিল ৷ এই প্রচেষ্টাৰ ফলত শেহতীয়াকৈ সমাজ কল্যাণ বিভাগে ইউনিচেফ, ডিব্রুগডৰ সৈতে জড়িত মল্লিকা দাসৰ সহযোগত এই দুইগৰাকী মহিলাৰ ভিতৰত মানসিকভাৱে বাধাগ্রস্ত ১৯ বছৰীয়া ববিতা দাস নামৰ মহিলাগৰাকীৰ পৰিয়ালৰ ঠিকনা উলিয়াবলৈ সক্ষম হয় আৰু আজি সেইমর্মে মহিলাগৰাকীক যোৰহাটৰ নিমাতী আৰক্ষী চকীৰ এটা দলসহ নিমাতীৰ ভিতৰ কোকিলাৰ কৈৱর্ত গাঁৱৰ পৰা অহা পৰিয়ালৰ হাতত গতাই দিয়া হয় ৷ উল্লেখ্য যে মানসিকভাৱে বাধাগ্রস্ত মহিলাগৰাকীৰ পিতৃ হিতেশ্বৰ দাসে উল্লেখ কৰা অনুসৰি বিগত বর্ষৰ নৱেম্বৰ মাহতেববিতা হঠাৎ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰাৰ পিছত তেওঁলোকে ববিতাৰ সন্ধান অব্যাহত ৰাখিছিল যদিও তেখেতৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল ৷ আনহাতে লকডাউনৰ সময়ত ডিব্রুগড জিলা প্রশাসনে ৰাস্তাই–ঘাটে আশ্রয় গ্রহণ কৰি থকা, খুজি–মাগি খোৱা লোকৰ দৰে আশ্রয়হীন আৰু মানসিকভাৱে বাধাগ্রস্ত লোকে সন্মুখীন হ’ব পৰা অসুবিধাৰ প্রতি লক্ষ্য ৰাখি ডিব্রুগডৰ খনিকৰত পুৰুষসকলৰ বাবে আৰু ডিব্রুগডৰ বৈৰাগীমঠৰ নর্থ ইষ্টার্ন বুদ্ধিষ্ট কালচাৰেল এছ’চিয়েচনৰ আশ্রয় কেন্দ্র আৰু মিলন নগৰৰ সখী একক অৱস্থান কেন্দ্রত মহিলাসকলক ৰখাৰ ব্যৱস্থা কৰিছিল৷ জিলা প্রশাসনৰ এনে কার্যক সকলোৱে একমুখে প্রশংসা কৰিছে ৷