নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসক ইছলামৰ বাবেই বঙাইগাঁৱত জটিল ৰূপ সংক্রমণৰ

নিজামুদ্দিন ফেৰৎ আঠগাঁও মছজিদৰ বৈঠকত বহা লোকৰ সৈতে হৈছিল সঘন মিলিতঃ জামালুদ্দিন হাজীৰে সম্পর্ক আছিল আক্রান্ত ববিতা বাছফৰৰ

নিয়মীয়া বাৰ্তা ২  মেঃ বঙাইগাঁৱত একেদিনাই চাৰিজনৰ গাত মাৰাত্মক ক’ৰোনা ভাইৰাছ ধৰা পৰাৰ পাছত নতুন নতুন তথ্য উন্মোচিত হ’বলৈ ধৰিছে৷ ক’ৰোনা ভাইৰাছৰ হটস্পট হিচাপে চিহ্ণিত হোৱাৰ ফলত প্রশাসনে ছীল কৰা বঙাইগাঁও খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রৰ ভাৰপ্রাপ্ত বিষয়া ডাঃ এম এম ইছলামৰ ভূমিকা অতিকে সন্দেহজনক হিচাপে চিহ্ণিত হৈ পৰিছে৷ নিজামুদ্দিন মার্কাজৰে সম্পর্ক থকা ব্যক্তিৰে ঘনিষ্ঠ ডাঃ এম এম ইছলামৰ বাবে ক’ৰোনা ভাইৰাছ সংক্রমিত হোৱা বুলি চর্চা আৰম্ভ হৈছে৷ প্রাপ্ত অভিযোগ মতে, চিকিৎসক ডাঃ এম এছ ইছলামে নিজামুদ্দিন মার্কাজৰ জামাতী একাংশৰ লগতে দোলাইগাঁৱৰ উজানপাৰাৰ জমিৰ আলীৰ সৈতে ঘনিষ্ঠ সম্পর্ক ৰক্ষা কৰি আহিছিল৷ পেছাত মেডিচিন ৰিপ্রেজেণ্টেটিভ জমিৰ আলীয়ে গুৱাহাটীৰ আঠগাঁও মছজিদলৈ সঘনাই আহ–যাহ কৰিছিল৷ হোম কোৱাৰেণ্টাইন কৰা জমিৰ আলীৰ সৈতে সঘনাই উঠা–বহা আৰু ঘৰলৈ অহা–যোৱা কৰিছিল ডাঃ ইছলামে৷ ইয়াৰ মাজতে ডাঃ ইছলামৰ

দুই সন্তান ৰাজস্থানৰ পৰা নিজ ঘৰলৈ আহে যদিও হোম কোৱাৰেণ্টাইন কৰা নহ’ল৷ আঠগাঁও মছজিদৰ সম্পর্কৰ বিষয়ে তদন্ত হৈছিল যদিও নিজ ক্ষমতাৰ বলত বিভাগটোক বিপথে পৰিচালিত কৰে৷ আনকি ডাঃ ইছলামৰ স্বগৃহত হোম কোৱাৰেণ্টাইনৰ ফলক লগাব যোৱা স্বাস্থ্য বিভাগৰ ফলক বাহিৰৰ সলনি ভিতৰতে আঁৰিবলৈ নির্দেশ দিছিল৷ নিজে কোনো দিনে হোম কোৱাৰেণ্টাইন নহৈ বেপৰোৱাভাৱে ঘূৰি ফুৰাৰ উপৰি নিয়মিতভাৱে কার্যালয়লৈ আহিছিল৷ ডাঃ ইছলামে আনকি তেজৰ নমুনা পৰীক্ষা কৰিবলৈও অস্বীকাৰ কৰিছিল৷ পৰৱর্তী সময়ত বিভাগীয় হেঁচাত বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ ডাঃ ইছলামক লৈ গ’লেও পলায়নৰ চেষ্টা চলাই ধৰা পৰাতহে পৰীক্ষা সম্পন্ন কৰিবলৈ বাধ্য হৈছিল৷ চিকিৎসকজনৰ ঘৰত জামাতীক গোপনে আশ্রয় দিয়া আৰু চিকিৎসা সেৱা আগবঢ়োৱা বুলি অভিযোগ উত্থাপন হৈছে৷ আজি বঙাইগাঁও উপায়ুক্ত কার্যালয়ত ডাঃ ইছলামৰ বিৰুদ্ধে অভিযোগ দাখিলৰ বাবে বহুকেইগৰাকী এ এন এম নার্ছ উপস্থিত হয়৷ ভাৰপ্রাপ্ত বিষয়া ডাঃ ইছলামক নিজ কার্যালয়ত মাৰাত্মক ক’ৰোনা ভাইৰাছ দেখা দিয়াৰ বাবে সম্পূর্ণৰূপে জগৰীয়া কৰে৷ স্বাস্থ্যকর্মীসকলৰ মতে চিকিৎসকজনে বিভাগীয় নীতি–নিয়ম আৰু সাৱধানতা ভৰিৰে মোহাৰি নিজ ইচ্ছামতে কাম–কাজ পৰিচালনা কৰি স্বাস্থ্যকর্মী আৰু ৰাইজক ভয়ংকৰ বিপদৰ মুখলৈ ঠেলি দিছে৷ ববিতা বাছফৰ আৰু অনুপম ঠাকুৰীয়াক ৰেণ্ডম টেষ্ট কৰাৰ পাছতো কর্তব্য পালন কৰি যাবলৈ দিয়াত স্বাস্থ্যকর্মীসকল অধিক সংস্পর্শলৈ আহিছে৷ স্বাস্থ্যকর্মীসকলে ইতিমধ্যে গর্ভৱতী মহিলা, শিশুক ভেকচিন আদি প্রদান কৰি সেৱা আগবঢ়াই থকাৰ ফলত ভয়ংকৰ ৰোগবিধৰ নিজে বাহক হৈ পৰাৰো শংকা ব্যক্ত কৰে এইসকল কর্মীয়ে৷ বঙাইগাঁও প্রাথমিক স্বাস্থ্যকেন্দ্রটো ছীল কৰি চিকিৎসক আৰু ইয়াত কর্মৰত স্বাস্থ্যকর্মী তথা কর্মচাৰীক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিলেও কেন্দ্রটোৰ অধীনস্থ বিভিন্ন উপ–স্বাস্থ্যকেন্দ্রত কর্মৰত এইসকল লোকে ক’ৰোনা আক্রান্তৰ প্রত্যক্ষ বা পৰোক্ষভাৱে সংস্পর্শলৈ অহাৰ পাছতো কোনো ব্যৱস্থা নকৰা বুলি ক্ষোভ ব্যক্ত কৰি আটায়ে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হোৱা বুলি জানিবলৈ দিয়ে৷ এইসকল স্বাস্থ্যকর্মীৰ শীঘ্রে স্বাস্থ্য পৰীক্ষাৰ লগতে সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায় উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্রিয়া আৰু মন্ত্রী ফণীভূষণ চৌধুৰীক সাক্ষাৎ কৰি৷ ইফালে নিশা প্রশাসনৰ তৰফৰ পৰা ডাঃ ইছলাম আৰু পৰিয়ালবর্গক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত কোৱৰেণ্টাইনত নিয়াৰ বাবে অনুৰোধ কৰিছিল যদিও প্রশাসনৰ এই অনুৰোধ মানিবলৈ অস্বীকাৰ কৰিছিল৷ কার্যবাহী দণ্ডাধীশ এজনে পুলিচ লগাই চিকিৎসালয়লৈ নিয়াৰ ভাবুকি দিয়াতহে চিকিৎসকজনে চিকিৎসালয়খনলৈ যাবলৈ বাধ্য হয়৷ সম্প্রতি দুজনকৈ ক’ৰোনা আক্রান্ত স্বাস্থ্যকর্মীৰ সংস্পর্শলৈ অহা নজনকৈ চিকিৎসক আৰু স্বাস্থ্যকর্মীক বিভিন্ন হোটেলত ৰখাৰ বিপৰীতে ডাঃ ইছলাম আৰু পৰিয়ালবর্গক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৰাখি কোৱাৰেণ্টাইন কৰা হৈছে৷
চাপৰৰ জামালুদ্দিন হাজীৰ সৈতে বঙাইগাঁৱৰ ক’ৰোনা আক্রান্তৰ স্বামীৰ সম্পর্ক
বঙাইগাঁৱত একেদিনাই চাৰিজনৰ গাত ক’ৰোনা ভাইৰাছ ধৰা পৰাত জিলাবাসীক আতংকিত কৰি তুলিছে৷ অৱশ্যে জিলাখনত এই ৰোগ সংক্রমণৰ আঁৰৰ ৰহস্য বর্তমানলৈ উদ্ঘাটন হোৱা নাই৷ কিন্তু এই বিষয়ে কেতবোৰ চাঞ্চল্যকৰ তথ্য উন্মোচিত হৈছে৷ স্বাস্থ্য বিভাগৰ চাফাই কর্মী ববিতা বাছফৰৰ স্বামী লতিফৰ ৰহমানৰ সৈতে চাপৰৰ ক’ভিড আক্রান্ত জামালুদ্দিন হাজীৰ সু–সম্পর্ক থকা বুলি জানিব পৰা গৈছে৷ দিল্লীৰ নিজামুদ্দিন মার্কাজৰ পৰা ঘূৰি আহি যোৱা ১৮ মার্চত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে উপস্থিত হোৱাৰ সময়ত লতিফৰ ৰহমানক সাক্ষাৎ কৰা বুলি জানিব পৰা গৈছে৷ ইফালে, মীনা বিশ্বকর্মা নামৰ বৃদ্ধাগৰাকীৰ পুত্র আৰু বোৱাৰী কিছুদিন পূর্বে বহিঃৰাজ্যলৈ গৈ নিজৰ ভাকাৰিভিটাৰ ঘৰত উপস্থিত হৈছে৷ এনে ক্ষেত্রত ৰহমানৰ পৰা বঙাইগাঁও খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রত কর্মৰত ববিতা বাছফৰ আৰু পৰৱর্তী সময়ত এম পি ডব্লিউ অনুপম ঠাকুৰীয়ালৈ আৰু নিজ পুত্রৰ পৰা মীনা বিশ্বকর্মালৈ ৰোগবিধ সংক্রমণৰ এক শংকা সৃষ্টি হৈছে৷ ইফালে, ক’ৰোনা আক্রান্ত আটাইকেইজনে বিভিন্ন স্থানত ঘূৰি ফুৰাত ৰাইজ শংকিত হৈ পৰিছে৷ এম পি ডব্লিউ অনুপম ঠাকুৰীয়াই চাপৰাকাটা, পোপৰাগাঁও অঞ্চলত বহুজনৰ ঘৰলৈ গৈ একাধিক লোকৰ সংস্পর্শলৈ অহাৰ তথ্য পোৱা গৈছে৷ একেদৰে ববিতা বাছফৰেও পাঁচ দিনৰ পূর্বে অভয়াপুৰী চহৰত বজাৰ কৰি ফুৰাৰ লগতে বৰপাৰা, শ্বহীদ বেদীত দোকান–পোহাৰ, বহুজনৰ ঘৰলৈ যোৱাৰ তথ্য লাভ কৰিছে৷ মীনা বিশ্বকর্মাই কেইটামান দিন পূর্বে বীৰঝৰা চাহ বাগিচাৰ মোহন বিশ্বকর্মাৰ ঘৰলৈও যোৱা বুলি জানিব পৰা গৈছে৷ মীনা বিশ্বকর্মাৰ ভাকাৰিভিটাস্থিত প্রতিৱেশী এজনক তিনি দিন পূর্বে নিজ হাতে তিনিশ টকা আদায় দি গৈছিল৷ ইফালে, ইতিমধ্যে কোৱাৰেণ্টাইন হোৱা বঙাইগাঁও খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রৰ ভাৰপ্রাপ্ত বিষয়া ডাঃ এম এম ইছলামে যোৱা ২৯ এপ্রিলত বঙাইগাঁও ৰিজার্ভত উপস্থিত হৈ ৬৮জনকৈ লোকৰ উপৰি বঙাইগাঁও সদৰ থানাত ৩৯জনৰ নিজে স্বাস্থ্য পৰীক্ষা কৰিছিল৷ স্বাস্থ্য পৰীক্ষা কৰা এইসকল লোকৰ ভিতৰত আৰক্ষী, আৰক্ষীৰ পৰিয়ালবর্গ আৰু গৃহৰক্ষী বাহিনীৰ লোকো আছে৷ ক’ৰোনা আক্রান্তৰ সম্পর্কিত ডাঃ ইছলামে এইদৰে অর্ধশতাধিক লোকক নিজ হাতেৰে স্বাস্থ্য পৰীক্ষাৰ পিছত আৰক্ষীৰ লোকসকলৰ মাজত তীব্র আতংক সৃষ্টি হৈছে৷ বর্তমানলৈ আৰক্ষীৰ এইসকল লোকক সতর্কতামূলক ব্যৱস্থা হিচাপে কোৱাৰেণ্টাইন বা তেনে কোনো ব্যৱস্থা হাতত লোৱা বুলি জানিব পৰা নাই৷ ইফালে, আমগুৰি দ্বিতীয় খণ্ডৰ দীপক মল্লিকে শাক–পাচলিৰ ব্যৱসায় কৰি বহুজনৰ সৈতে সম্পর্কিত হোৱাৰ লগতে অভয়াপুৰী অঞ্চলৰ কেইবাটাও মন্দিৰত বহু লোকৰ সৈতে ভাং খাই ফুৰা বুলি জনা গৈছে৷ আনহাতে, এম পি ডব্লিউ কর্মী অনুপম ঠাকুৰীয়াই ক’ৰোনা আক্রান্ত হিচাপে ধৰা পৰাৰ এটা দিন পূর্বে চাপৰাকাটা দ্বিতীয় খণ্ডৰ গর্ভৱতী মহিলা এগৰাকীৰ খবৰ ল’বলৈ গৈ গাঁওখনৰ কেইবাজনো লোকৰ সংস্পর্শলৈ আহিছিল৷ ক’ৰোনা আক্রান্ত এইসকল লোকে অঞ্চলবাসীৰ সংস্পর্শত অহাত শংকিত হৈ পৰিছে বহু লোক৷

স্বাস্থ্যমন্ত্রীৰ ঘোষণা– চিকিৎসকজনৰ আচাৰ–ব্যৱহাৰৰ ওপৰত বিশেষ নজৰ দিয়া হৈছে
বঙাইগাঁৱত উপস্থিত স্বাস্থ্য বিভাগৰ দল
ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বিৰুদ্ধে যুদ্ধকালীন তৎপৰতা চলাই থকাৰ সময়তে বঙাইগাঁও জিলাত চাৰিজনকৈ ব্যক্তি ক’ভিড–১৯ত আক্রান্ত হোৱা ঘটনাই স্বাস্থ্য বিভাগৰ লগতে ৰাজ্যবাসীকো উদ্বিগ্ণ কৰি তুলিছে৷ কোনোধৰণৰ ভ্রমণ পৰিক্রমা নথকা এই চাৰিজন লোক কিদৰে ক’ভিড–১৯ত আক্রান্ত হ’ল, তাক লৈ স্বাস্থ্য বিভাগৰ অনুসন্ধান চলি থকাৰ সময়তে শেহতীয়াকৈ চর্চালৈ আহিছে জিলাখনৰ ব্লক পি এইচ ইৰ ভাৰপ্রাপ্ত বিষয়া ডাঃ এম ইছলামৰ নাম৷ আজি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত স্পষ্টকৈ কয়– চিকিৎসা বিষয়াগৰাকীৰ বিৰুদ্ধে শেহতীয়াকৈ ক’ৰোনা ভাইৰাছ বিয়পাৰ বহু অভিযোগ উত্থাপন হৈছে৷ আনকি জিলাখনৰ উপায়ুক্তই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বাবে প্রস্তুত হৈছে যদিও শেহতীয়া পৰিস্থিতিত চিকিৎসকসকলে কৰি অহা সহায়ৰ প্রতি লক্ষ্য ৰাখি জিলা উপায়ুক্তক সকলো দিশ চালি–জাৰি চাবলৈ নির্দেশ দিছোঁ৷ চিকিৎসকগৰাকীয়ে নিজামুদ্দিন ফেৰৎ একাংশ জামাতীৰ লগত সম্পর্ক ৰখাৰ লগতে তেওঁলোকৰ চিকিৎসাও কৰি আছিল৷ এনে পৰিস্থিতিত বঙাইগাঁও পি এইচ চিখনৰ পৰাহে যেন ক’ৰোনা বিয়পি পৰিছে, তাৰ এক সন্দেহৰ সৃষ্টি হৈছে৷ জিলা উপায়ুক্তৰ হাততো এই সন্দর্ভত যথেষ্ট তথ্য আছে৷ বর্তমান আমি চিকিৎসকগৰাকীৰ অচাৰ–ব্যৱহাৰৰ ওপৰত নজৰ দি আছোঁ৷ শেহতীয়াকৈ উত্থাপিত অভিযোগ অনুসৰি চিকিৎসক ডাঃ এম ইছলামৰ জীয়ৰী এগৰাকী ৰাজস্থানৰ কোটাৰ পৰা অহা হেতু তেওঁক হোম কোৱাৰেণ্টাইন কৰিবলৈ জিলা প্রশাসনে চিকিৎসকগৰাকীৰ ঘৰত জাননী লগাবলৈ গৈছিল যদিও চিকিৎসক ইছলামে ইয়াত বাধা প্রদান কৰিছিল৷ আনকি আঠগাঁও মছজিদত সমৱেত হোৱা জামাতীসকলৰ লগত সম্পর্ক ৰখা জমিৰ আলী নামৰ এজন লোকৰ সৈতে ডাঃ ইছলামে সম্পর্ক বজাই ৰাখিছিল আৰু তেওঁক লগ কৰিছিল৷ ইয়াৰ পাছতো চিকিৎসকজনক কোৱাৰেণ্টাইন নকৰা হেতু জিলাখনত ক’ৰোনা ভাইৰাছ বিয়পাৰ সন্দেহ সৃষ্টি হৈছে৷ বিশেষকৈ আক্রান্ত হোৱা ছার্ভিলেন্স ৱর্কাৰ অনুপম ঠাকুৰীয়া আৰু চাফাইকর্মী ববিতা বাছফৰৰ ৰেণ্ডম টেষ্টৰ ফলাফল নহাৰ পাছতো কি কাৰণে তেওঁলোকক ডাঃ ইছলামে কর্মত যোগদান কৰিবলৈ দিছিল, তাক লৈও প্রশ্ণ উত্থাপন হৈছে৷ সমগ্র বিষয়টো সন্দর্ভত অধিক তদন্ত কৰিবলৈ আজি বঙাইগাঁৱত উপস্থিত হৈছে স্বাস্থ্য বিভাগৰ এটা দল৷ মন্ত্রী ড০ শর্মাই এই সন্দর্ভত প্রকাশ কৰা মতে, ইতিমধ্যে সমগ্র জিলাখনকে একপ্রকাৰ কনটেইনমেণ্ট জ’নলৈ নিয়া হৈছে৷ ইতিমধ্যে ২৬৬জন লোকক কোৱাৰেণ্টাইন কৰা হৈছে৷ এই সংখ্যাৰ ভিতৰত চিকিৎসক, নার্ছ আৰু স্বাস্থ্যকর্মীও আছে৷ আনহাতে, ৭০০জনক বিশেষ নজৰত ৰখাৰ বিপৰীতে ৫০০জন লোকক গৃহ কোৱাৰেণ্টাইন কৰা হৈছে৷

You might also like