৩য় পৰ্যায়ৰ লক ডাউনৰ নতুন নিৰ্দেশনা
ৰেড জ’ন
বিশেষ অর্থনৈতিক জ’ন, ৰপ্তানিজনিত ইউনিট, ইণ্ডাষ্ট্রিয়েল ইষ্টেট আৰু ইণ্ডাষ্ট্রিয়েল টাউনশ্বীপ খোলা থাকিব৷ অত্যাৱশ্যকীয় সামগ্রী, যেনে– ঔষধ, চিকিৎসা সামগ্রী আৰু কেঁচা সামগ্রীৰ নির্মাণ ইউনিটসমূহ খোলা থাকিব৷
আই টি, হার্ডৱেৰ, নির্মাণখণ্ড৷
সামাজিক দূৰত্ব ৰক্ষা কৰি চলিব মৰাপাট উদ্যোগ,
পেকেজিং সামগ্রীৰ নির্মাণ ইউনিট৷
সীমিত ৰূপত নির্মাণকার্য (যি অঞ্চলত কর্মী উপলব্ধ)
অকলশৰীয়াকৈ থকা, কলনী বা আৱাসিক অঞ্চলত থকা দোকান খুলিব পাৰিব৷
অত্যাৱশ্যকীয় সামগ্রীৰ ক্ষেত্রত ই–কমার্চৰ কাম–কাজ৷
৩৩ শতাংশৰ উপস্থিতিৰে চলিব পাৰিব বেচৰকাৰী কার্যালয়৷
খোলা থাকিব সকলো চৰকাৰী কার্যালয়, ফুড প্রছেছিং ইউনিট, সকলো কৃষি বিষয়ক কাম–কাজ, আয়ুসকে ধৰি সকলো স্বাস্থ্য সেৱা৷
বেংক, নন–বেংকিং ফাইনেন্স কোম্পানী, ইন্সুৰেঞ্চ আৰু কেপিটেল মার্কেটিঙৰ কাম অব্যাহত থাকিব৷
চিকিৎসালয়ৰ অ’ পি ডি, মেডিকেল ক্লিনিক, সামাজিক দূৰত্ব ৰক্ষা কৰি খোলা থাকিব৷
গণসমাৱেশ, শ্বপিং ম’ল, চিনেমা হল, সকলো ধর্মীয় অনুষ্ঠান বন্ধ থাকিব৷
নিশাৰ ভাগত স্থানীয় প্রশাসনে দিব পাৰিব কার্ফিউ৷
অ’ৰেঞ্জ জ’ন
চাৰিচকীয়া বাহনত চালকক বাদ দি আন দুজন যাত্রী যাব পাৰিব৷ দুচকীয়া বাহনত মাত্র চালকহে থাকিব৷
চলিব নোৱাৰে ব্যক্তিগত বাহন৷
আন্তঃজিলা যাতায়াতৰ ক্ষেত্রত ব্যক্তি আৰু বাহনৰ ক্ষেত্রত অনুমতিৰ প্রয়োজন হ’ব৷
অসুস্থ লোক, বয়সস্থ, গর্ভৱতী মহিলা, ১০ বছৰৰ তলৰ শিশুক ঘৰৰ বাহিৰলৈ ওলোৱাত বাধা৷
চিকিৎসালয়ৰ অ’ পি ডি, মেডিকেল ক্লিনিক, সামাজিক দূৰত্ব ৰক্ষা কৰি খোলা থাকিব৷
গণসমাৱেশ, শ্বপিং ম’ল, চিনেমা হল, সকলো ধর্মীয় অনুষ্ঠান বন্ধ থাকিব৷
হোটেল, ৰেস্তোৰাঁ, চেলুন বন্ধ
নিশা ৭ বজাৰ পৰা পুৱা ৭ বজালৈ আহ–যাহ বন্ধ৷
আন ক্ষেত্রত ৰেড জ’নত অনুমতি দিয়া নির্দেশনা বাহাল থাকিব৷
গ্রীন জ’ন
৫০ শতাংশ যাত্রীক লৈ চলিব পাৰিব বাছ৷
সামগ্রী কঢ়িওৱা সকলো বাহনৰ যাতায়াতত অনুমতি৷
মুকলি হ’ব সুৰাৰ বিপণী আৰু পাণ দোকান৷ মানিব লাগিব সামাজিক দূৰত্ব৷
এখন দোকানত ৫জনতকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব৷
নিশা ৭ বজাৰ পৰা পুৱা ৭ বজালৈ আহ–যাহ বন্ধ৷
বন্ধ থাকিব স্কুল, কলেজ৷
হোটেল, ৰেস্তোৰাঁ, চেলুন বন্ধ৷
তদুপৰি ৰেড জ’নত অনুমতি দিয়া সকলো নির্দেশনা বাহাল থাকিব৷