নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি স্বাস্থ্য বিভাগৰ ৪৫২টা পদৰ ফলাফল ঘোষণা

নিয়মীয়া বাৰ্তা মেঃ স্বাস্থ্য বিভাগৰ ৪৫২টা পদৰ বাবে ইতিমধ্যে হৈ যোৱা লিখিত পৰীক্ষাৰ আজি ফলাফল ঘোষণা কৰা হ’ব৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা অৱগত কৰি জানিবলৈ দিয়া মতে, ইতিমধ্যে বিভাগে পদকেইটাৰ বিপৰীতে লিখিত পৰীক্ষা আৰু অন্যান্য যাৱতীয় আজি স্বাস্থ্য বিভাগৰ ৪৫২টা পদৰ ফলাফল ঘোষণা নীতি–নিয়ম সম্পূর্ণ কৰি কাইলৈ ফলাফল ঘোষণাৰ বাবে সাজু হৈছে৷ মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে বিভাগটোত খালী হৈ থকা আন এহাজাৰ পদৰ বাবে অচিৰেই বিজ্ঞাপন দিয়া হ’ব৷ ইফালে ক’ভিড–১৯এ সৃষ্টি কৰা আর্থিক সমস্যাৰ পৰিপ্রেক্ষিতত নিযুক্তি প্রক্রিয়া ৰাজ্য চৰকাৰে বন্ধ কৰিব বুলি যি এক চর্চা চলিছিল, তাক নস্যাৎ কৰি মন্ত্রীগৰাকীয়ে কয় যে তেনেধৰণৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই৷ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহৰ বিপৰীতে বিজ্ঞাপন দিবলৈ ইতিমধ্যে বিত্ত বিভাগৰ পৰা পৰামর্শ দিয়া হৈছে৷ ৰাজ্যত নিযুক্তি প্রক্রিয়া অব্যাহত থাকিব বুলিও মন্ত্রীগৰাকীয়ে স্পষ্ট কৰে৷

You might also like